Covid 19 : কেৱল ভাৰতে নহয়, আৰু নখন দেশৰ বিমাবন্দৰত চীনৰ পৰা উভতা যাত্ৰীসকলে দেখাব লাগিব ক’ভিড ৰিপোৰ্ট

WhatsApp Image 2022 12 31 at 17.54.15

Covid 19 :

পশ্চিমীয়া সংবাদ মাধ্যমৰ এটা অংশই দাবী কৰা অনুসৰি, চীনত প্ৰতিদিনে কে’বা লাখ লোক ক’ভিডত সংক্ৰমিত হৈছে। ক’ভিডৰ ফলত দৈনিক মৃত্যুৰ সংখ্যাও হাজাৰ অতিক্ৰম কৰিছে বুলিও তেঁওলোকে দাবী কৰিছে ।

অৱশ্যে চীনৰ তৰফৰ পৰা এই খবৰৰ সত্যতা স্বীকাৰ কৰা নাই । ইফালে চৰকাৰেও কোনো তথ্য প্ৰকাশ কৰা নাই।

এই পৰিস্থিতিত, কেৱল ভাৰত বা ইউৰোপীয় দেশসমূহৰ বাবেই নহয়, চীনৰ পৰা উভতি অহা যাত্ৰীসকলৰ বাবে মুঠ দহখন দেশৰ সকলো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিশেষ সাৱধানতা অৱলম্বন কৰা হৈছে।

ভাৰতে আগতেই জনাইছে, চীনৰ পৰা অহা সকলো যাত্ৰীয়ে আৰটি-পিচিআৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব। যদি প্ৰতিবেদনটো নেতিবাচক হয়, তেওঁক আন ঠাইলৈ যাবলৈ অনুমতি দিয়া হ’ব।

অৱশ্যে, বিমানত উঠাৰ সৰ্বাধিক ৪৮ ঘণ্টা আগতেই এই পৰীক্ষাটো কৰিব লাগে। যদি তাৰ আগতে পৰীক্ষা কৰা হয়, সেই পৰীক্ষাৰ ফলাফল গ্ৰহণ কৰা নহ’ব।

আমেৰিকা , ব্ৰিটেইন, ইটালী, ফ্ৰান্স, স্পেইন, মালয়েছিয়া, দক্ষিণ কোৰিয়া বা জাপানৰ দৰে দেশসমূহেও একে ধৰণৰ সিদ্ধান্ত লৈছে।

কেৱল চীনেই নহয়, ভাৰতে হংকং, জাপান, দক্ষিণ কোৰিয়া আৰু থাইলেণ্ডৰ পৰা অহা যাত্ৰীসকলৰ বাবে আৰটি-পিচিআৰ পৰীক্ষা বাধ্যতামূলক কৰিছে।

আমেৰিকাই চীন, হংকং আৰু মাকাওৰ পৰা অহা যাত্ৰীসকলৰ বাবে এই নিয়ম কাৰ্যকৰী কৰিছে। আমেৰিকা আৰু ইউকেয়ে পাঁচ জানুৱাৰীৰ পৰা এই নিয়ম প্ৰৱৰ্তন কৰিব ।

ইটালীয়ে ইতিমধ্যে এই নিয়ম প্ৰৱৰ্তন কৰিছে। ফ্ৰান্সে ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনৰ পৰাই এই নিয়ম প্ৰৱৰ্তন কৰিছে ।

ইটালীৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি, দেশৰ বিভিন্ন বিমানবন্দৰত চীনৰ পৰা উভতি অহা ৫০ শতাংশ যাত্ৰীয়ে ক’ভিডত সংক্ৰমিত।

স্পেইনে চীনৰ পৰা উভতি অহা যাত্ৰীসকলৰ বাবে আৰটি-পিচিআৰৰ উপৰিও ক’ভিড-১৯ টিকাকৰণৰ প্ৰমাণপত্ৰ লগত থকাটো বাধ্যতামূলক কৰিছে।

Exit mobile version