State Administration:ৰাজ্য প্ৰশাসনৰ বিভাগত ৰদবদল-পদোন্নতি

কে'বাজনো জ্যেষ্ঠ আই এ এছ বিষয়াক প্ৰধান সচিবলৈ পদোন্নতি

WhatsApp Image 2022 12 31 at 17.22.38

State Administration:

ৰাজ্য প্ৰশাসনত বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি থকা কে’বাগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়াক পদোন্নতি দিয়াৰ লগতে আন কেইবাজনৰ বিভাগ ৰদবদল কৰে ৰাজ্য চৰকাৰে ৷

জ্যেষ্ঠ আই এ এছ বিষয়া মনীষ ঠাকুৰক পদোন্নতি সহ পশু পালন বিভাগৰ প্ৰধান সচিবলৈ বদলি কৰা হয় ৷ আনহাতে আই এ এছ বিষয়া জ্ঞানেন্দ্ৰদেৱ ত্ৰিপাঠীক পদোন্নতি সহ ৰাজহ,দুৰ্যোগ আৰু প্ৰশমন বিভাগৰ প্ৰধান সচিব হিচাপে বদলি কৰা হয় ৷

একেদৰে আই এ এছ বিষয়া জয়ন্ত নাৰ্লিকাৰক অতিৰিক্ত দায়িত্ব সহ পশু পালন বিভাগ অৰ্পন কৰে ৷ আনপিনে আই এ এছ বিষয়া ক্ৰমে লয়া ভাদুৰী,নাৰায়ণ কোঁৱৰ,ড:কৰুণা কুমাৰী,বিনীতা পেগু,উমানন্দ দলৈ,প্ৰভাতী থাউচেন,অশোক কুমাৰ বৰ্মন,বন্দনা চৌধুৰী,দেৱজ্যোতি মজুমদাৰ, পাৰ্থ প্ৰতিম মজুমদাৰ,অভিজিৎ বৰুৱা,মৃদুল কুমাৰ মহন্ত,নন্দিতা দত্ত ,ঋতুৰাজ বৰা ,শেৱালি দেৱী শৰ্মা,পবিত্ৰৰাম খাউণ্ডৰ দৰমহা গাঁঠনি সংশোধনী কৰা হয় ।

Exit mobile version