Horoscope Today : দিনটোৰ ৰাশিফল

e17f30d9 7cc2 4457 a329 ab539e879583

Horoscope Today :

মেষ :- দিনটোত বিশেষ সাৱধানতা অৱলম্বন কৰা ভাল । বিদ্যাৰ্থীসকল অধ্যয়নৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখক । ঘৰুৱা দিশত আপোনাৰ কৰণীয় পালিত হ’ব । শুভ ৰং গেৰুৱা ,শুভ সংখ্যা ৫ ।

বৃষ :- বন্ধু ব্যক্তিৰ পৰা আশানুৰূপ ফল দেখি কৃতজ্ঞ হ’ব । বাহ্যিক কৰ্মত মন দিব ল’গা হোৱাত মূল কৰ্ম কিছু অৱহেলিত হ’ব পাৰে । দাম্পত্যত মত-বিৰোধ । শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৮ ।

মিথুন :- পুৱা ১০ বজাৰ পৰা কিছুমান নভবা ব্যস্ততাই আপোনাক জড়িত কৰি তুলিব । বিদ্যাত মধ্যম । পিতৃ-মাতৃৰ বাবে দিনটো ভাল । শুভ ৰং ৰঙা ,শুভ সংখ্যা ৯ ।

কৰ্কট :- পৰাপক্ষত স্পৰ্শকাতৰ কথা এৰাই চলা ভাল । আয়ৰ মাত্ৰা বৃদ্ধি পাব । প্ৰেমত বাধা । বিয়া-বাৰুৰ যোগাযোগত শুভ । শুভ ৰং নীলা,শুভ সংখ্যা ২ ।

সিংহ :- ঘৰুৱাত কিছু ভালেই দেখা যায় । দুই এটা উপৰুৱা বিষয়ত অশান্তি আহিব পাৰে । কৰ্মক্ষেত্ৰত মানসিক চাপ বৃদ্ধি পাব । প্ৰেমত আনন্দ । শুভ ৰং কমলা, শুভ সংখ্যা ৬ ।

কন্যা :- কৰ্মক্ষেত্ৰত জটিলতা কিছু হ্ৰাস পাব । হাতলৈ অহা ধনৰ সদ্ব্যৱহাৰ হোৱাত বাধা আহিব । দাম্পত্যত মধ্যম । ৰাজনীতিবিদসকল বিশেষ সতৰ্ক হোৱা ভাল । শুভ ৰং বগা ,শুভ সংখ্যা ৮ ।

তুলা :- প্ৰায়বোৰ কথা মন নিদি , মূল কথাত মন দিয়া ভাল । দিনটোৰ শেষভাগত কোনো নতুন আশাই উৎসাহিত কৰিব । শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩ ।

বৃশ্চিক :- কৰ্মক্ষমসকলে অসুবিধাৰ মাজেৰে অগ্ৰগতি লাভ কৰিব । মানসিক অৱস্থা মধ্যম । আশা কৰা কোনো যোগাযোগত উপকৃত হ’ব পাৰে । শুভ ৰং সেউজীয়া , শুভ সংখ্যা ৮ ।

ধনু :- খৰচ-পাতি ৰোধ কৰা চেষ্টা কৰক । প্ৰাপ্য ধন আদায়ৰ সুযোগ পাব । বিদ্যাত বেয়া নহয় । ব্যক্তিত্ব আৰু ধৈৰ্য্য ৰক্ষা কৰি চলা উচিত । শুভ ৰং হালধীয়া ,শুভ সংখ্যা ৯ ।

মকৰ :- ক্ৰমে দিনটো উন্নত অনুভৱ কৰিব । কৰ্মব্যস্ত ব্যক্তিৰ আয়ৰ মাত্ৰা বৃদ্ধি পাব । বিদ্যাৰ্থীসকলৰ বাবে শুভ । চুটি ভ্ৰমণ হ’ব পাৰে । প্ৰেমত উৎসাহ বৃদ্ধি । শুভ ৰং ৰঙা ,শুভ সংখ্যা ১ ।

কুম্ভ :- পুৱাৰ ভাগতকৈ আবেলি উন্নত ফল লাভ কৰিব । কৰ্মস্থানত ভাল । বিদ্যাত আশাপ্ৰদ আৰু শৰীৰ মধ্যম । ভ্ৰমণ কৰিব পাৰে । শুভ ৰং গোলপীয়া ,শুভ সংখ্যা ৬ ।

মীন :- কৰ্মক্ষেত্ৰত নতুন আনন্দ লাভৰ আশা । বেংক কৰ্মীসকলে দক্ষতা প্ৰকাশ কৰাৰ সুযোগ পাব । হাতলৈ ধন অহাৰ যোগ আছে । প্ৰেমত সাময়িক বাধা দেখা যায় । শুভ ৰং কমলা আৰু শুভ সংখ্যা ৩ ।

Exit mobile version