New Year 2023 :
পোনপ্ৰথমে মই দৈনিক অগ্ৰদূতৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক আগন্তুক নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনাইছো । আগন্তুক বৰ্ষতো সকলোৰে বাবে সুখময় হওক । বিগত প্ৰায় দুটা বছৰ সকলোৰে বৰ কষ্টকৰ আছিল । সেয়ে নতুন বছৰটোত দেশখন ক’ভিডমুক্ত হোৱাটো বিচাৰো । যাতে সকলোৱে নিজৰ কামবোৰ সুকলমে কোনো বাধা-বিঘিনি নোহোৱাকৈ কৰি যাব পাৰে ।
মই কলেজ পাছ কৰাৰ পাছত গীত চৰ্চাৰ কামত ইমানেই ব্যস্ত হৈ গ’লো যে সময়খিনি কেনেকেনো পাৰ হৈ গ’ল তলকিবই নোৱাৰিলো । সেয়ে নতুন বছৰৰ পৰা মই নিজকে বেছিকৈ হেঁচা নিদো বুলি ভাবিছো । সকলো কাম সময়মতে হৈ যাব । ব্যস্ততাৰ মাজতো জীৱনতো উপভোগ কৰিব লাগে ।
মই ইঞ্জিনিয়াৰিং কৰি থকা সময়ছোৱাত চাৰি বছৰে বহু উঠা-নমা দেখিছো লাগিলে সেয়া জীৱিকাৰ ক্ষেত্ৰতে হওক বা অন্য কোনো । কিন্তু তথাপি মনত বিশ্বাস আছিল যে নিজৰ কামবোৰ ভালকৈ কৰি যাব পাৰিম । বহু কমসংখ্যক বন্ধু-বান্ধৱীৰ লগত মই মোৰ কামবোৰ কৰি আছো; কেতিয়াবা বহুতৰ লগত সেই বন্ধু সকলো নাথাকে ।
এই ক্ষেত্ৰত মই নিজকে বহুত সৌভাগ্যৱান বুলি ভাবো । যিসকলৰ কাষত কোনো নাই তেওঁলোকক মই কওঁ যে এইটোৱে জীৱনৰ শেষ নহয় । তেওঁলোকে যি ধৰণে সপোনবোৰ ভাবিছে তেনেধৰণে কৰি থাকিলেই হ’ল লাগিলে কাষত কোনোবা থাকক বা নাথাকক । সপোনবোৰ এদিন হ’লেও ফলিয়াবই তেওঁলোক সফল হ’বই ।
আজি মোৰ সংগীতৰ বাবে নতুন মানুহে মোক বিচাৰি পাইছে, কাইলৈও নতুন কেইজনমানে বিচাৰি পাব আৰু মই এইটো অব্যাহত হৈ থকাতো বিচাৰো । বৰ্তমান মই যেনেধৰণৰ গীত ৰচনা কৰি আছো ভৱিষ্যতেও তেনেধৰণৰে গীত ৰচনা কৰি যাব বিচাৰো । সঁচা অন্তৰেৰে নতুন নতুন গীত ৰচনা কৰি যাব বিচাৰো আৰু মোৰ গীতবোৰত যাতে মোৰ গুৰিটো প্ৰতিফলিত হয় ।
মই গীতবোৰ বিশেষকৈ ‘গীটাৰবেছড্’ হয় আৰু মই ‘গীটাৰবেছড্’ মিউজিকেই কৰি যাম বুলি ভাবিছো । এই বাদ্যযন্ত্ৰবোৰৰ আশে-পাশে গীত ৰচনা কৰি মই ভাল পাওঁ, সেইবোৰ মোৰ সঁচা সঁচা যেন লাগে । ইয়াৰ মাজতে মোৰ ‘কিব’ৰ্ড স্পেচিফিকো’ কৰিবলৈ মন আছে । পশ্চিমীয়া গায়িকা ‘এডল’ৰ মই বহুত অনুৰাগী; তেওঁৰ দৰেও কিছুমান গীত কৰিবলৈ মন আছে ।
মোৰ প্ৰিয় গায়ক জন মেয়াৰক অধ্যয়ন কৰোতে তেওঁ যিসকল শিল্পীৰ পৰা শিকিছিল তেওঁলোককো অধ্যয়ন কৰিছিলো । তেওঁলোক যিহেতু গীতাৰবাদক হয় তেওঁলোকক অধ্যয়ন কৰোতে মই বব ডিলানৰ দৰে শিল্পীক বিচাৰি পালো ।
বব ডিলানৰ গীত আগতে শুনিছিলো যদিও বিশেষ গুৰুত্ব দিয়া নাছিলো । কিন্তু তেওঁলোকক অধ্যয়ন কৰাৰ পাছত বুজিলো ।
যিহেতু মই সৰুৰেপৰাই ইংৰাজী মাধ্যমত পঢ়া সেয়ে আমাৰ মগজুৱেও দুটা ভাষাত কাম কৰিবলৈ অভ্যাসৰত হৈ পৰে । বহু ইংৰাজী গীতত কেতিয়াবা অসমীয়া গীতৰ কথা লিখিবলৈ ধাৰণা (idea) পাওঁ । এই ধাৰণাবোৰ যদি মই মোৰ মাতৃভাষাত ব্যৱহাৰ কৰিব পাৰো তেতিয়াহে সফল হ’ম । আন্যথা এগৰাকী শিল্পী হিচাপে এয়া মোৰ বিফলতা হ’ব ।
দৈনিক অগ্ৰদূতৰ জৰিয়তে মই মোৰ মাক ক’ব বিচাৰো যে ইমান দিনে তেওঁ মোক নিজৰ ল’ৰা হিচাপে পালে, ডাঙৰ-দীঘল কৰিলে । এতিয়া ৰাইজে মোৰ মাজত এজন শিল্পী বিচাৰি পাইছে আৰু মোক আঁকোৱালি লৈছে মায়ে এই কাথাতো গ্ৰহণ কৰিবলৈ শিকক । মাৰ ল’ৰা হিচাপে আৰু এজন শিল্পী হিচাপে মোৰ কামবোৰ বেলেগ হয় ।
কেতিয়াবা হয়তো এজন শিল্পী হোৱাৰ ব্যস্ততাত মাৰ ল’ৰাৰ কৰণীয়বোৰ ৰৈ যায় । মায়ে এতিয়ালৈকে মোক যেনেদৰে সহযোগ (support) কৰি আহিছে তেনেকৈ আগলৈও কৰি যাওক । মায়ে যে কেতিয়াবা মোতকৈ বেছি মোৰ গীতৰ কথা চিন্তা কৰে মই সেইটো বহুত ভাল পাওঁ । মায়ে যাতে মোক এনেদৰেই সহযোগ কৰি থাকে ।
শেষত, মই মোৰ মনত থকা গৰাকীকো মই একেটা কথাকে ক’ব বিচাৰিম যে যিদৰে তাই মোৰ ভাল বন্ধু হৈ আছে, মোক সহযোগ কৰি আছে । মোৰ ভাল-বেয়া সকলো সময়তে মোৰ লগত আছে । এনেদৰে থকাটোৱে বিচাৰো একো পৰিৱৰ্তন নালাগে । এতিয়া সকলো ভালে আছে ।