Elon Musk : এবছৰত সৰ্বাধিক সম্পত্তি হ্ৰাস মাস্কৰ, হেৰুৱালে ২০০ বিলিয়ন ডলাৰ

elon musk 1

Elon Musk :

২০২২ বৰ্ষত বাণিজ্যিক দিশত সর্বাধিক ক্ষতিগ্রস্ত হ’ল টেছলা আৰু স্পেচএক্সৰ স্বত্বাধিকাৰী এলন মাস্ক। এসময়ত মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩৪০ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছিল। ব্লুমবৰ্গৰ তথ্য অনুসৰি ২০২১ৰ নৱেম্বৰত মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩৪০ বিলিয়ন ডলাৰ আছিল।

কিন্তু ২০২২ৰ অন্তিম ভাগত বাণিজ্যিক দিশত যথেষ্ট ক্ষতিগ্রস্ত হ’ল টেছলা আৰু স্পেচএক্সৰ স্বত্বাধিকাৰী। বিশেষকৈ টুইটাৰ ক্ৰয়ৰ পাছৰে পৰা মাস্কৰ সম্পত্তিৰ পৰিমাণ দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰে। যোৱা নৱেম্বৰৰ পাছৰে পৰা মাস্কৰ বাণিজ্যিক পতন অব্যাহত আছে।

মূলতঃ টেছলাৰ শ্বেয়াৰমূল্য যথেষ্ট অৱনমিত হোৱাৰ ফলত মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণ বছৰৰ অন্তিম ভাগত ১৩২ বিলিয়ন ডলাৰলৈ হ্ৰাস পালে।

অর্থাৎ এবছৰত মাস্কে প্রায় ২০০ বিলিয়ন ডলাৰৰ সম্পত্তি হেৰুৱালে৷ যিকোনো অর্বুদপতিৰ ব্যৱসায়িক ইতিহাসত এয়া এক অভিলেখ আছিল। ২০২১ৰ ছেপ্টেম্বৰত বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি স্বীকৃত হোৱা মাস্ক সম্প্রতি এই তালিকাত দ্বিতীয় স্থানত আছে।

Exit mobile version