Kanjhawala Girl Murder Case :  :নৱবৰ্ষৰ দিনটোত দিল্লীত উদ্ধাৰ যুৱতীৰ নগ্ন মৃতদেহ

a39360a3 674d 42f6 929b f4364c8b3bca

Kanjhawala Girl Murder Case :

দেশৰ ৰাজধানীতে নৱবৰ্ষৰ প্ৰথম দিনটোতে উদ্ধাৰ হ’ল যুৱতীৰ নগ্ন মৃতদেহ ৷ আঘাতৰ চিন থকা যুৱতীক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ ৷ দিল্লীৰ মাজমজিয়াত সংঘটিত হোৱা এই হৃদয় বিদাৰক ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজধানী চহৰ খন ৷

প্ৰাপ্ত খবৰ অনুসৰি, ৰাজধানী চহৰ খনৰ কাঞ্জাৱালা অঞ্চলত পাঁচ নিচাসক্ত যুৱকে স্কুটি চলাই থকা এগৰাকী ২০ বছৰীয়া যুৱতীক গাড়ীৰে খুন্দা মাৰে ৷পাছত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত যুৱতী গৰাকীক ১২ কিলোমিটাৰ পৰ্যন্ত চোঁচৰাই নিয়ে ৰাজপথৰে ৷ ফলত তেজেৰে তুমৰলি হৈ পৰা যুৱতী গৰাকী কিছু সময়ৰ পিছতে শেষ নিশ্বাস ত্যাগ কৰে ৷

পিছত পথৰ কাষতে আৰক্ষীয়ে মৃত অৱস্থাত নগ্নৰূপত উদ্ধাৰ কৰে যুৱতী গৰাকীৰ মৃতদেহ৷ আনহাতে আৰক্ষীৰ মাৰাথন অভিযানৰ মাজতে আৰক্ষী হাতত পৰা ভিডিঅ ফুটেজত দেখিবলৈ পায় যে যুৱতী গৰাকীক নিচাসক্ত যুৱক পাঁচজনে প্ৰথমে গাড়ীৰ খুন্দা মাৰি পাছতে গাড়ীৰে চোঁচৰাই নিয়ে ৷

চোঁচৰাই নিয়াৰ ফলত যুৱতী গৰাকীৰ দুয়োখন ভৰি, মুৰ আৰু শৰীৰৰ আন অংশত গুৰুতৰভাৱে আঘাত পাইছিল।ইতিমধ্যে আৰক্ষীয়ে বিশেষ সূত্ৰৰ পমখেদি ইতিমধ্যে পাঁচোজন অভিযুক্ত যুৱক ক্ৰমে মিথুন ৰায়,মনোজ মিত্তাল,দীপক খান্না,কৃষ্ণ ত্যাগি,অমিত খান্নাক গ্ৰেপ্তাৰ কৰিছে ৷

উল্লেখ্য যে ব্যক্তিগত প্ৰতিষ্ঠান এটাত কৰ্মৰত যুৱতী গৰাকী দেওবাৰে নিশা নিজৰ স্কুটীৰে গৃহাভিমুখী হোৱাৰ পথত সংঘটিত হয় লোমহৰ্ষক ঘটনাটি ৷

আৰক্ষীয়ে সংবাদ মাধ্যমক জানিব দিয়া মতে , নিশাৰ এই ঘটনাৰ পাছতে আৰক্ষীলৈ ফোন আহিছিল যে কাঞ্জাৱালা অঞ্চলৰ ৰাজপথৰ দাঁতিত এগৰাকী নগ্ন যুৱতীৰ মৃতদেহ পৰি আছে ৷ পাছত আৰক্ষী ততাতৈয়াকৈ উপস্থিত হৈ মৃতদেহ জিন্মাত লৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে ৰাজধানী চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

Exit mobile version