Pressmeet Of Police Commissioner:ৰঞ্জিত বৰা হত্যাকাণ্ডৰ সন্দৰ্ভত গঠন কৰা হ’ব বিশেষ গোট

মহানগৰৰ ভিন্নস্থানত চি চি টিভি লগোৱাৰ বাবে স্থান নিৰ্ণয়,সংবাদমেলত ঘোষণা আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ

WhatsApp Image 2023 01 02 at 17.53.20

Pressmeet Of Police Commissioner:

মহানগৰীত বিগত কে’বামাহ ধৰি অপৰাধীয়ে স্মাৰ্ট আৰক্ষীক এক প্ৰকাৰ চেলেন্স দি ইটোৰ পিছত সিটোকৈ নানান অপৰামূলত কাৰ্যকলাপ অব্যাহত ৰখাৰ মাজতে যোৱাবৰ্ষৰ শেষৰটো মাহত নতুন আৰক্ষী আয়ুক্তৰূপে যোগদান কৰা দিগন্ত বৰাই আজি সম্বোধন কৰে এক সংবাদমেল ৷

নতুন বৰ্ষৰ দ্বিতীয় দিনটোত আয়োজিত সংবামেলখন সম্বোধন কৰি আৰক্ষী আয়ুক্ত গৰাকীয়ে মহানগৰবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি মহানগৰবাসীক সম্পূৰ্ণৰূপে সুৰক্ষা দিয়াৰ অংগীকাৰ কৰে ৷

বিগত বৰ্ষসমূহৰ অপৰাধীৰ তালিকাৰ অৱতাৰণা কৰি তুলনামূলকভাৱে অপৰাধীৰ সংখ্যা যথেষ্ট কম হোৱা বুলি উল্লেখ কৰে ৷ আনকি যোৱাবৰ্ষটোত অপৰাধ নিয়ন্ত্ৰণত মহানগৰ আৰক্ষী সফল হৈছে বুলি মন্তব্য কৰি কয়, মহানগৰীত ৪০৭ কোটি টকাৰ
ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে ৷

মুখ্যমন্ত্ৰীৰ কঠোৰস্থিতিৰ পাছত ৩১ ডিচেম্বৰৰ নিশা কোনো দুৰ্ঘটনা হোৱা নাই গুৱাহাটীত ৷ আনহাতে চেইন টনা ঘটনাৰ স’তে জড়িত থকাৰ অভিযোগত এই পৰ্যন্ত ২২ জনক আটক কৰাৰ বিপৰীতে দুটা পিষ্টল জব্দ কৰা হৈছে ৷

মহানগৰ আৰক্ষীয়ে শেহতীয়াকৈ অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈ বিভিন্ন স্থানত অভিযান চলাই আটক কৰিছে বহু কেইজন কুখ্যাত চোৰক।

আনহাতে পাঞ্জাবাৰীৰ ৰঞ্জিত বৰা হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষী আয়ুক্তজনে কয়,ৰঞ্জিত বৰা হত্যাকাণ্ডৰ তদন্তৰ বাবে বিশেষ টিম গঠন কৰা হ’ব ৷

ইতিমধ্যে এই হত্যাকাণ্ডৰ স’তে জড়িত থকা দুই যুৱকক পিষ্টল সহ আটক কৰা হৈছে ৷ আটকাধীন যুৱকদ্বয়ে আৰক্ষীৰ জেৰাত সদৰি কৰিছে বহু গুৰুত্বপূৰ্ণ তথ্য ৷

মহানগৰীৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে ক্ৰাইম মেপ প্ৰস্তুত কৰি মহানগৰীৰ ভিন্নস্থানত চিচিটিভি স্থাপনৰ বাবে স্থান পৰ্যবেক্ষণ কৰাৰ কথাও সদৰি কৰে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৷

Exit mobile version