Tax Payers : নতুন বছৰৰ সু-খবৰ ! আয়ৰ ওপৰত ধাৰ্য হ’ব মাত্ৰ পাঁচ শতাংশ কৰ , নিৰ্দেশ বিত্তমন্ত্ৰীৰ 

218101 bengaluru union finance minister nirmala sitharaman addresses the 105th annual

Tax Payers :

নতুন বছৰত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ উপহাৰ । ইতিমধ্যে দেশজুৰি বাজেটৰ প্ৰস্তুতি চলিছে । এনে সময়ত মধ্যবিত্ত তথা চাকৰিজীৱি প্ৰত্যেকেই বহু আশাৰে নতুন বাজেটৰ বাবে ৰৈ আছে ।

এই প্ৰসংগক লৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জনাইছে যে , এই বৰ্ষত বহুতেই মাত্ৰ পাঁচ শতাংশ কৰহে দিব লাগিব । সেইয়াও যদি দিব নিবিচাৰে তেন্তে আপুনি নতুন টাক্স ৰিজিম গ্ৰহণ কৰি বা ৱৰ্ল্ড টাক্স চিষ্টেমৰ যোগেদি , কোনো ক্ষেত্ৰতে অধিক কৰ দিবল’গীয়া নহয় ।

সমান্তৰালকৈ এই কথাও উল্লেখ কৰিছে যে, আঢ়ৈ লাখ টকাৰ পৰা পা‍ঁচ লাখৰ ভিতৰত কৰা আয়ৰ এজন ব্যক্তিয়ে মাত্ৰ পাঁচ শতাংশ কৰহে দিব লাগিব । আনহাতে যিসকলৰ আয় ২.৫ লাখ টকাৰ কম , তেওঁলোকে এটকাও কৰ দিব নালাগে ।

উল্লেখ্য যে, এইবৰ্ষৰ বাজেট টাক্সত মুক্ত আয়ৰ পৰিধি বৃদ্ধি কৰাৰ সম্ভাৱনা আছে । বৰ্তমান কে’বা লক্ষাধিক মানুহে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব খোজা এই বাজেটৰ যোগেদি কৰ মাফৰ সুবিধা লাভ কৰিব ।

সেইয়েহে এই সীমা তিনিৰ পৰা পাঁচ লাখ টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে বুলিও উল্লেখ কৰে বিত্তমন্ত্ৰী গৰাকীয়ে । এনে অৱস্থাত বহু কোটি কৰদাতাই এই সুবিধা লাভ কৰিব । উল্লেখ্য যে, শেষ বাৰৰ বাবে ২০১৪ চনত চৰকাৰৰ তৰফৰ পৰা টাক্স লিমিট বৃদ্ধি কৰা হৈছিল । পূৰ্বতে এই সীমা আছিল দুই লাখ টকা ।

পৰৱৰ্তীকালত বঢ়াই আঢ়ৈ লাখ টকা কৰা হয় । সেইয়েহে চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তত সাধাৰণ মানুহে বিনিয়োগৰ কাৰণে বেছি টকাৰ সুবিধা লাভ কৰিব ।

Exit mobile version