Indian Railways : নতুন বছৰত ভাৰতলৈ উপহাৰ পৰিৱেশবান্ধৱ হাইড্র’জেন ৰে’ল

world first hydrogen train launch speed 7 600x338 1

Indian Railways :

বন্দে ভাৰতৰ পাছত প্রযুক্তিগত অধিক উন্নয়ন হ’ব ৰে’লত । নতুন বছৰত ভাৰতত চলিব হাইড্র’জেন ট্রেইনৰ (Hydrogen Train) চকা । ভাৰতীয় ৰে’লে (Indian Ralways) প্ৰদূষণ নিয়ন্ত্রণৰ বাবে বিভিন্ন উদ্যোগ গ্ৰহণ কৰি আহিছে । যাৰ ফলত ডিজেনচালিত ইঞ্জিনৰ পৰিৱর্তে সম্পূর্ণ দেশীয় প্রযুক্তিত প্ৰস্তুত হাইড্র’জেন ট্রেইন চলিব এইবাৰ ।

ইয়াৰ পূৰ্বে ৰে’ল মন্ত্ৰণালয়ে ২০২৩ত হাইড্ৰ’জেন ৰে’ল ৰোল হ’ব বুলি ইংগিত দিছিল।পূৰ্বেই ৰে’ল মন্ত্রণালয়ৰ তৰফৰ পৰা ইংগিত পোৱা গৈছিল যে, ২০২৩ত হাইড্র’জেন ৰে’ল আৰম্ভ হ’ব । এই ৰেলখন কেনেকুৱা, কিমান বেগেৰে চলিব বা কেইটা ডবা আছে সেই বিষয়ে জানি মানুহৰ আগ্ৰহ বাঢ়িছে ।

চলিত বছৰত হাৰিয়ানাৰ শোনপতৰ পৰা জিন্দ ৮৯ কিলোমিটাৰৰ ৰুটত প্রথম এই ট্রেইন চলিব । হাইড্র’জেন ট্রেইন অন্যান্য ট্রেইনৰ দৰে বৃহৎ আকাৰৰ নহ’ব । ডবাৰ সংখ্যা সৰ্বাধিক ছয়ৰ পৰা আঠটা হ’ব ।

এই ৰে’লখন ঘণ্টাত সর্বাধিক ১৪০ কিলোমিটাৰ বেগত চলিব । এই ক্ষেত্রত ব্যয় হ্ৰাস পোৱাৰ লগতে পৰিৱেশ প্ৰদূষণ ৰোধ হ’ব । সমূদ্রৰ পানীৰ পৰা সহজেই প্ৰস্তুত কৰিব পৰা যাব হাইড্র’জেন, যাৰ যোগান অফুৰন্ত ।

হাইড্র’জেন ৰে’লক ২০২৩ত ভাৰতৰ নৱবর্ষৰ উপহাৰ বুলি জনাইছে ৰে’ল । এখন কেৱল মাত্র জার্মানিতেই হাইড্র’জেন চালিত ট্রেইন দেখা গৈছে । এইবাৰ সেই ট্রেইন দেখা যাব ভাৰততো ।

কেৱল ৰে’ল প্ৰস্তুতে নহয়, ট্রেক মেনেজমেন্ট ছিষ্টেমক লৈও ভাৰতে কাম কৰি আছে । যাতে ছেমি হাইস্পিড ট্রেনবোৰ সহজেই চলিত হয় । জার্মানীত প্রায় ১৪ খন হাইড্র’জেন ট্রেইন আছে । যাৰ বাবে প্রতি বছৰে দেশখনৰ প্রায় ১৬ লাখ লিটাৰ ডিজেল ৰেহাই হয় বুলি জানিব পৰা গৈছে ।

জার্মানীৰ হাইড্র’জেন ট্রেইনবোৰৰ গতি ঘণ্টাত সৰ্বাধিক ১৪০ কিলোমিটাৰ । জার্মানীত চালিত হাইড্র’জেন ৰে’লখনৰ ৰং নীলা । ই সম্পূৰ্ণ পৰিৱেশবান্ধৱ ।

দুটা কোঠালি বিশিষ্ট ট্রেইনখন দেখিবলৈও ধুনীয়া । জার্মানীৰ হাইড্র’জেনচালিত ৰে’ল প্ৰস্তুত কৰিছে ফ্রান্সৰ টিজিভি মেকাৰ সংস্থা এলষ্টমে । এই ৰে’লৰ ইন্ধন পুনৰ ব্যৱহাৰ কৰিব পাৰি । ইয়াৰ উপৰি ৰে’লখনত অতিৰিক্ত শক্তি সঞ্চয় কৰি ৰাখিবৰ বাবে অতিক্ষমতা সম্পন্ন ইঅ’ন বেটাৰী আছে ।

য’ৰ পৰা কোনো প্ৰদূষিত গেছ নহয়, কেৱল মাত্র পানী আৰু বাষ্প নিৰ্গত হয় । হাইড্র’জেন ৰে’লৰ টেংক যদি সম্পূর্ণ ভৰ্তি থাকিলে ই এহেজাৰ কিলোমিটাৰ পর্যন্ত যাত্রা কৰিব পাৰে । ইতিমধ্যে ইটালী, কানাডা, ডেনমার্ক, ব্রিটেইন, নেদাৰলেণ্ডছ এই ট্রেইন আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে ।

ইয়াৰ পূৰ্বে হয়তো ভাৰততো চলিব হাইড্র’জেন ট্রেইন । হাইড্র’জেন ট্রেইন ৰাজ্যৰ বিভিন্ন ঠাইত পর্যটনমুখী কৰি চলালে বহু লোক উপকৃত হ’ব বুলি ধাৰণা কৰিছে ৰে’লকৰ্মীসকলৰ একাংশ‌ই ।

Exit mobile version