Pele’s Wake Ceremony : উৰেনিশা উজাগৰে থাকিল ব্ৰাজিল !

faada849 1d86 4443 b693 6633db16f305

Pele’s Wake Ceremony :

বিশ্ব ফুটবল কিংবদন্তি তথা ব্ৰাজিলবাসীৰ প্ৰাণৰো প্ৰাণ ফুটবল সম্ৰাট পেলেৰ মৃত্যুৰ লগে লগে অৱসান ঘটিল এটি যুগৰ । পেলেৰে মৃত্যু পাছতে শোক স্তব্ধ হৈ পৰিছিল সমগ্ৰ বিশ্বৰ লগতে তেওঁৰ ওপজাভূমি ব্ৰাজিল ৷

যি ব্ৰাজিলৰ বাবে ভগৱান হৈ পৰা পেলেৰ বিয়োগত মিয়ম্ৰাণ দেশবাসী ৷ ইতিমধ্যে ব্ৰাজিল চৰকাৰে সম্পদ বুলি ঘোষণা কৰা পেলেক কিদৰে ,কেনেকৈ শেষ বিদায় দিব তাক চলিছে নানান প্ৰস্তুতি ৷

উল্লেখ্য ফুটবল সম্ৰাট গৰাকীয়ে নিজ দেশৰ বাহিৰে কোনো দিনে ইউৰোপৰ ক্লাৱৰ হৈ নেখেলিলে ৷ আনকি তেওঁক দিয়া হৈছিল কোটি কোটি ডলাৰৰ টোপ ৷নিজৰ স্থিতিত অটল থকা পেলেক দেশে সন্মান সহকাৰে যাচিছিল ক্ৰীড়া মন্ত্ৰী ৷

সেইজন ব্ৰাজিলিয়ান প্ৰবাদপ্ৰতিম এটা অনুষ্ঠানলৈ পৰ্যবেশিত হোৱা পেলেক শেষ শ্ৰদ্ধা জনাবলৈ যোৱা নিশা উজাগৰে থাকিল সমগ্ৰ ব্ৰাজিলবাসী৷ তেওঁৰ ওপজাভূমি চান্টোছ চহৰত পেলেৰ নশ্বৰ দেহ লৈ উলিওৱা বিশাল সমদলত অংশগ্ৰহণ কৰিলে লাখ লাখ ব্ৰাজিলিয়ান জনতাই ৷

আনকি তেওঁৰ নশ্বৰদেহ এলবাৰ্ট আইনষ্টাইন চিকিৎসালয়ৰ পৰা অনা অৱস্থাত আতচবাজীৰে জনোৱা হ’ল ৰাজকীয় বিদায় ৷
উল্লেখ্য যে ২৯ ডিচেম্বৰৰ দিনা পেলেৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ পাছতে সমগ্ৰ ব্ৰাজিলৰ অলিয়ে গলিয়ে সজাই তোলা হৈছে পেলেৰ বেনাৰ আৰু ফেষ্টুনেৰে ।

বিশ্বখ্যাত খেলুৱৈ গৰাকীৰ নশ্বৰ দেহ চান্টোছ ফুটবল ক্লাবৰ খেলপথাৰত ৰাজহুৱা সন্মানৰ বাবে ৰখাৰ ব্যৱস্থা কৰিছে চান্টোছ মহানগৰ প্ৰশাসনে ৷ইতিমধ্যে কিংবদন্তি ফুটবলাৰ গৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপনৰ বাবে উপস্থিত হয় বিশ্ববিখ্যাত ফুটবল ক্লাব ৰিয়েল মাদ্ৰিদৰ কৰ্তৃপক্ষ, ব্ৰাজিলিয়ান ফুটবল তাৰকা ৰোমাৰিঅ আৰু নেইমাৰে ৷

Exit mobile version