Assam Govt Award : জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদমেল

ঘোষণা হ'ল ‘অসম বৈভৱ,অসম সৌৰভ আৰু ‘অসম গৌৰৱ’ বঁটা প্ৰাপকৰ নাম

de8a479b e5b7 4f55 ab92 d80961731fe9

Assam Govt Award :

জনতা ভবনত আজি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা জৰুৰী কেবিনেট বৈঠকত এই বৰ্ষৰ ‘অসম বৈভৱ,অসম সৌৰভ আৰু ‘অসম গৌৰৱ’ বঁটা প্ৰাপক সকলৰ নাম সমূহৰ ক্ষেত্ৰত চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে ৷

কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে এক সংবাদমেল সম্বোধন কৰি অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা প্ৰাপকৰ নাম সমূহ ঘোষণা কৰে ৷

সেই অনুসৰি অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ বঁটা এইবাৰ প্ৰদান কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ তপন শইকীয়াক।

আনহাতে ৰাজ্যৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম সৌৰভ বটা আগবঢ়োৱা হয় অসমৰ নাট্য জগতৰ পিতামহ স্বৰূপ কৃষ্ণ ৰয়,স্বৰ্ণ কন্যা নয়নমণি শইকীয়া,বিশিষ্ট যুৱ বিজ্ঞানী বিনয় কুমাৰ শইকীয়া,যোৰহাট জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা:শশীধৰ ফুকনক ৷

একেদৰে ৰাজ্য তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম গৌৰৱ’ আগবঢ়োৱা হয় নৱগ্ৰহ শ্মশানত দীৰ্ঘদিন ধৰি শ-দাহৰ ক্ষেত্ৰত সহায় কৰি শ্মশানবন্ধু ৰূপে পৰিচিত হৈ পৰা ধূতিমালা ডেকা, নলবাৰীত মীন বিপ্লৱৰ জৰিয়তে স্বনিৰ্ভৰশীল হোৱা ডাঃ দেৱজিৎ বৰ্মন,মানস অভয়াৰণ্যত টুৰিষ্ট গাইড ৰূপে পৰ্যটকৰ মাজত জনপ্ৰিয় হৈ পৰা ৰুষ্টম বসুমতাৰী, তিনিচুকীয়াৰ চিংফৌ ধাবাৰ স্বত্বাধিকাৰ মাঞ্জলা, প্ৰকৃতপ্ৰেমী বিনন্দ হাতীবৰুৱা, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট সমাজকৰ্মী অতুল চন্দ্ৰ বৰুৱা,কল্যাণী ৰাজবংশী ( চন্দ্ৰপুৰ বহাগী আত্মসহায়ক গোটৰ সদস্যা), শীলা গোৱালা (জবকা চাহ বাগিচাৰ আশাকৰ্মী), ডাঃ যোগেশ দেউৰী (ৰেচম তথা সোণালী সূতাৰ বিশেষজ্ঞ), পংকজলাল গগৈ(বয়লাৰ কণীৰ উৎপাদক), সৰ্বেশ্বৰ বসুমতাৰী(হাইব্ৰিড অমিতা খেতিয়ক), মানথাং মাৰ (আনাৰস খেতিয়ক), ড০ ধ্ৰুৱজ্যোতি শৰ্মা(নাৰ্চাৰী উদ্যোগী) , দয়াল গোস্বামী (মুখা শিল্পৰ বাটকটীয়া) আৰু ডা: ছৈয়দ ইফতিকাৰ আহমেদ(এইচ আই ভি বিশেষজ্ঞ)লৈ।

সংবাদমেলত বঁটা প্ৰাপক সকলৰ নাম সমূহ ঘোষণা কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰি কৰে যে কোনো এটা ভাল দিনত বঁটা সমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হ’ব। আনহাতে পুৰ্বৰ দৰে প্ৰাপক সকলক বঁটাৰ স’তে ক্ৰম অনুযায়ী পাঁচ লাখ,তিনি লাখ আৰু দুই লাখকৈ দিয়া হ’ব বুলিও উল্লেখ কৰে ৷

Exit mobile version