Ripun Bora: তামুলপুৰ জিলা বিলুপ্তিকৰণৰ প্ৰতিবাদত তামুলপুৰত তৃণমূল কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

a3209115 d958 4660 a2a0 3cbcf2b04481

Ripun Bora :

তামুলপুৰ জিলা বিলুপ্তিকৰণৰ সিদ্ধান্ত বাতিলৰ দাবীত বুধবাৰে প্ৰতিবাদত বহিল অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ কমিটি ৷ তামুলপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত টিএম চিৰ অৰ্ধ শতাধিক নেতা-কৰ্মীয়ে চৰকাৰী হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবীত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ধৰ্ণাত অংশগ্ৰহণ কৰে টি এম চিৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা সহ কে’বা গৰাকী জ্যেষ্ঠ নেতাই ৷ ধৰ্ণাস্থলীত উপস্থিত থাকি ৰিপুন বৰাই কয়, সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত তামুলপুৰ বিলুপ্তকৰণৰ সিদ্ধান্ত চৰকাৰৰ অপৰিপক্বতাৰ পৰিচয় দাঙি ধৰিলে ৷ শীৰ্ঘেই সিদ্ধান্ত বাতিল কৰক মুখ্যমন্ত্ৰীয়ে ৷অন্যৰ্থাই ৰাজ্যব্যাপি আন্দোলন কৰিবলৈ বাধ্য হ’ব তৃণমূল কংগ্ৰেছ ৷

Exit mobile version