Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

WhatsApp Image 2023 01 05 at 15.02.16

Apple :

আমেৰিকাৰ প্ৰযুক্তি প্রতিষ্ঠানে যোৱা বছৰত পুঁজি বজাৰত যথেষ্ট লোকচান বহন কৰিবলগীয়া হৈছিল। ২০২২ বৰ্ষত সর্বাধিক লোকচান বহন কৰিলে আইফোন প্রস্তুতকাৰক কোম্পানী এপেলে।

যোৱা আমেৰিকাৰ প্ৰযুক্তি প্রতিষ্ঠানে যোৱা বছৰত পুঁজি বজাৰত যথেষ্ট লোকচান বহন কৰিবলগীয়া হৈছিল। ২০২২ বৰ্ষত সর্বাধিক লোকচান বহন কৰিলে আইফোন প্রস্তুতকাৰক কোম্পানী এপেলে।

যোৱা বছৰত এপেলৰ পুঁজি বজাৰত এক ত্ৰিলিয়ন ডলাৰৰো অধিক লোকচান হৈছিল। আমেৰিকাৰ শীৰ্ষ চাৰিটা প্ৰযুক্তি প্রতিষ্ঠানে যোৱা বছৰত পুঁজি বজাৰত মুঠ তিনি ত্ৰিলিয়ন ডলাৰৰ লোকচান বহন কৰিছিল।

আইফোন প্রস্তুতকাৰক এপেলৰ পুঁজি বজাৰত নিয়োজিত ধনৰ পৰিমাণ তিনি ত্ৰিলিয়ন ডলাৰৰো অধিক আছিল। কিন্তু সম্প্রতি এপেলৰ এই পুঁজিৰ পৰিমাণ দুই ত্ৰিলিয়ন ডলাৰতকৈ হ্রাস পালে।

মাইক্ৰ’ছফট কৰ্প’ৰেচন আৰু ছৌদি এৰামক’ প্রতিষ্ঠানেও যোৱা বছৰত পুঁজি বজাৰত যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল।

গুগলৰ অভিভাৱক প্রতিষ্ঠান এন্ফাবেটৰ শ্বেয়াৰো যোৱা বছৰত ৩৯ শতাংশ হ্রাস পাইছিল। মাইক্ৰ’ছফটৰ শ্বেয়াৰ মূল্য যোৱা বছৰত ২৯ শতাংশ,এমেজনৰ শ্বেয়াৰ মূল্য ৫০ শতাংশ আৰু ফে’চবুকৰ অভিভাৱক প্ৰতিষ্ঠান মেটাৰ শ্বেয়াৰ মূল্য ৬৪ শতাংশলৈকে হ্রাস পাইছিল।

Exit mobile version