Guwahati Fire : মহানগৰীৰ পল্টনবজাৰত ভয়ংকৰ অগ্নিকাণ্ড

আঠখনকৈ ব্যৱসায়ী প্ৰতিষ্ঠান ভস্মিভূত

WhatsApp Image 2023 01 05 at 13.25.39

Guwahati Fire :

মহানগৰীত নিশা বিধ্বংসী অগ্নিকাণ্ড। সদাব্যস্ত পল্টনবজাৰৰ জৈন গলিত সংঘটিত হয় এই অগ্নিকাণ্ড।

নিশা ভাগত সংঘটিত হোৱা এই অগ্নিকাণ্ডত আঠখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জুইত জাহ যায় ৷ ক্ষয়ক্ষতি হয় কেইবালাখ টকাৰ সা-সম্পত্তি ।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ
সক্ষম হয় ৷

অগ্নিকাণ্ড কেনেকৈ সূত্ৰপাত হ’ল এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে পল্টন বজাৰ আৰক্ষীয়ে ৷

Exit mobile version