Horoscope : দিনটোৰ ৰাশিফল

e17f30d9 7cc2 4457 a329 ab539e879583

Horoscope :

মেষ : উপাৰ্জন আৰু সঞ্চয় বৃদ্ধিৰ যোগ । দেহ ভাল বুলি ক’ব পাৰি । হেৰুওৱা সম্পদ পুনঃপ্ৰাপ্তি । অবাধ্য সন্তান সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে । শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২ ।

বৃষ : বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ । শিল্পীসকলৰ প্ৰাপ্য সন্মান লাভে আনন্দৰ কাৰকতা । পত্নীৰ লগত মতবিৰোধ । শুভ ৰং সেউজীয়া । শুভ সংখ্যা ৪ ।

মিথুন : অপ্ৰত্যাশিতভাৱে ধন লাভৰ যোগ আছে । কৰ্মক্ষেত্ৰত ভ্ৰমণৰ যোগ । নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব । মনত হতাশা । শুভ ৰং ৰঙা । শুভ সংখ্যা ৮ ।

কৰ্কট : পৈতৃক সম্পত্তি লাভৰ ক্ষেত্ৰত বিলম্ব । অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্তি আৰু প্ৰয়োজনীয় ধনাগম । বিদ্যাত শুভ । শুভ ৰং ক’লা । শুভ সংখ্যা ৭।

সিংহ : কৰ্মক্ষেত্ৰত জটিলতাৰ উদয় হ’ব পাৰে । কোনো কাৰণত মনটো গধুৰ হ’ব পাৰে । শৰীৰ মধ্যম । প্ৰেমত শুভ । শুভ ৰং সোণালী । শুভ সংখ্যা-৫ ।

কন্যা : ৰাজহুৱা কামত জড়িতসকলে সহানুভূতি লাভ কৰিব । দুই এটা কামত বাধাৰ কাৰকতা‌ । দাম্পত্যত মতানক্য । বিদ্যাত জটিলতা । শুভ ৰং গেৰুৱা বগা । শুভ সংখ্যা ৩ ।

তুলা : কর্মক্ষেত্ৰত শান্তিৰে কাম কৰিব পাৰিব । আর্থিকত ভালেই দেখা যায় । বিদ্যাত শুভ ফল । প্ৰেমত বুজা বুজি । শুভ ৰং ৰঙা । শুভ সংখ্যা ৫ ।

বৃশ্চিক : জ্যেষ্ঠজনক অৱজ্ঞাৰ পৰা বিৰত থাকক । আর্থিকত অসুবিধা পাব পাৰে । ফুৰা-চকাত সর্তক হ’ব। বিদ্যাত বিশৃংখলা । শুভ ৰং বগা । শুভ সংখ্যা ৯ ।

ধনু : ব্যৱসায়ত লাভৰ কাৰকতা । সমাজসেৱীসকলৰ সন্ধান বৃদ্ধিৰ কাৰক। নিবনুৱা কৰ্ম প্ৰাপ্তিৰ যোগ । দাম্পত্যত শুভ ফল । শুভ ৰং গোলপীয়া, শুভ সংখ্যা ৪।

মকৰ : চাকৰিয়ালসকলৰ বাবে দিনটো শুভ । কৰ্মত নতুন পৰিকল্পনাত উপকৃত হ’ব । নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ । প্রেমত বাধা । শুভ ৰং হালধীয়া । শুভ সংখ্যা ৫‌ ।

কুম্ভ : পুৰণা মামলা মোকদ্দমাৰ নিৰপত্তি হ’ব পাৰে । বাধা বিঘিনিৰ মাজেদি কর্মত সাফল্য । আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য । প্রেমত শুভ । শুভ ৰং সোণালী । শুভ সংখ্যা ১ ।

মীন : আর্থিক উন্নতি । যোগাযোগ আদিত আশাপূর্ণ অগ্রগতি । মানসিক অবস্থা বিশেষ ভাল নাযাব পাৰে । প্ৰেমত শুভ ফল । শুভ ৰং বগা, শুভ সংখ্যা ৩ ।

Exit mobile version