Uttar Pradesh : এটা গৰুও যেন ঠাণ্ডাত নমৰে, বিষয়াসকলক কঠোৰ নির্দেশ যোগীৰ

yogi adityanath

Uttar Pradesh :

গো-ৰাজনীতি আৰু উত্তৰ প্রদেশ, যেন সমার্থক । মানুহ মৰিলে মৰক, ঠাণ্ডা যেন এটাও গৰু নমৰে । উত্তৰ প্রদেশ চৰকাৰৰ মনোভাব যেন কিছু তেনেধৰণৰে ।

শীত বৃদ্ধি পোৱাৰ লগে লগে ‘গোমাতা’ৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বিষয়াসকলক কঠোৰ নির্দেশ দিছে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে (Yogi Adityanath) ।

কয় যে, প্ৰয়োজন হ’লে পিপিপি মডেলত স্বনির্ভৰ গোশালা নিৰ্মাণ কৰিব লাগিব । কিন্তু ঠাণ্ডাত কষ্ট পাই গৰু মৰিব দিব নোৱাৰিব ।

উত্তৰ প্রদেশ তথা গোবলয়ৰ এটা জ্বলন্ত সমস্যা গৃহহাৰা গৰু । গোবলয়ৰ বহু লোকে গৰুক মাতৃজ্ঞান কৰি পূজা কৰিলেও বহু ‘গোমাতা’ গৃহহীন । তেওঁলোকৰ কোনো নিৰ্দিষ্ট আশ্ৰয় নাই । ফলত সিহঁতে নিশা কৃষকৰ শস্যৰ ক্ষতিসাধন কৰে । কৃষকসকল লোকচানৰ সন্মুখীন হ’বলগীয়া হয় ।

এই সমস্যাৰ পৰা ৰক্ষা পাবলৈ এইবাৰ ৰাজ্যজুৰি গোশালা নির্মাণৰ সিদ্ধান্ত লৈছে উত্তৰ প্রদেশৰ (Uttar Pradesh) মুখ্যমন্ত্রীয়ে । সমস্যাটো হ’ল এই গোশালাবোৰ চলাওঁতে বিপুল ব্যয় হয় । দেশৰ সৰ্বাধিক জনসংখ্যাৰ ৰাজ্যত নাগৰিকক সেৱা দিয়াটোৱে কঠিন, ইয়াৰ উপৰি গৰু পোহাৰ ব্যয় বিলাসিতাৰ দৰেই ।

কিন্তু হাৰ মানিবলৈ অনিচ্ছুক মুখ্যমন্ত্ৰী । বুধবাৰে এখন বৃহৎ গোশালা পৰিদৰ্শন কৰি তেওঁ কঠোৰ ভাষাৰে বিষয়াসকলক কয় যে গোমাতাক কোনো ধৰণে ঠাণ্ডাত কষ্ট দিব নোৱাৰিব ।

ৰাজ্যৰ সকলো গৃহহাৰা গৰুৱে অন্ততঃ শীতকালৰ বাবে স্থায়ী ঘৰ পোৱাটো নিশ্চিত কৰিব লাগে । সেয়ে গোহালিবোৰ স্বনির্ভৰ হ’ব লাগিব । চিএনজি বা চিবিজি অৰ্থাৎ গেছ উৎপাদন উদ্যোগৰ স’তে সংযোগ কৰিব লাগিব । যাতে গোহালিৰ আয় বাঢ়ে ।

প্ৰয়োজন হ’লে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ স’তে চুক্তি কৰিব লাগে । সেই চুক্তিসমূহ পিপিপি মডেলত হ’ব । যাতে গোহালিবোৰ স্বানৰ্ভৰ হয় ।

উল্লেখযোগ্য যে যোগী আদিত্যনাথ চৰকাৰে ইতিমধ্যে এই চৰকাৰী গোহালী সমূহ নিৰ্মাণৰ বাবে ৰাজ্যৰ বিভিন্ন লাভজনক সংস্থা, বজাৰ সমিতি আৰু অন্যান্য ব্যৱসায়ীসকলৰ আয়ৰ ওপৰত দুই শতাংশ কৰ আৰোপ কৰিছে ।

এই কৰৰ ধনেৰে গোহালিৰ ৰক্ষণাবেক্ষণ আৰু শ্ৰমিকৰ দৰমহা দিয়াৰ হ’ব । ৰাজ্যৰ পশুধন উন্নয়ন বিভাগৰ সহযোগত ক্ৰমান্বয়ে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে গোশালাবোৰে ।

Exit mobile version