Absu Speech:কমতাপুৰক কোনো ক্ষেত্ৰতে বি টি আৰৰ এক ইঞ্চিও মাটি এৰি নিদিয়াৰ হুংকাৰ এবছুৰ

WhatsApp Image 2023 01 06 at 15.34.17

Absu Speech:

প্ৰস্তাৱিত কমতাপুৰক লৈ ইতিমধ্যে ব্যাপক তৎপৰতা চলি থকাৰ মাজতে এবছুৰে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ কমতাপুৰক বিটিআৰ তথা ষষ্ঠ অনুসূচীৰ এক ইঞ্চিও মাটি এৰি নিদিয়াৰ হুংকাৰ দিয়ে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷

বড়োৱে এই সন্দৰ্ভত কয়, শান্তি আৰু মুলসুঁতিলৰ নামত বিদ্ৰোহী সংগঠন কে এল অ’ৰ স’তে চৰকাৰৰ চুক্তি ৰূপায়ণ হওক ৷এই ক্ষেত্ৰত আপত্তি কৰিবলগীয়া নাই ৷

কিন্ত চুক্তিৰ নামত বিটিআৰক বিভাজন কৰি ইয়াৰ ভূমি প্ৰস্তাৱিত কমতাপুৰক দিয়াৰ যদি পৰিকল্পনা চৰকাৰে কৰে ৷ ইয়াৰ তীব্ৰ বিৰোধিতা কৰিব এবছুৱে।

আনহাতে বিদ্ৰোহী সংগঠন কেএলঅ’লৈ আহ্বান জনাই এবছুৰ শীৰ্ষ নেতাজনে উল্লেখ কৰে যে বিদ্ৰোহী সংগঠনটোৱে বুজা উচিত যে কাৰোবাৰ অধিকাৰ খৰ্ব কৰি নতুন ফৰ্মুলা জাপি দিব সেইয়া কেতিয়াও মানি লোৱা নহ’ব।

এবছুৱে বহু চৰ্চিত স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত গৃহ মন্ত্ৰণালয়ক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায়।

Exit mobile version