Assam-Nagaland Border : অসম-নগালেণ্ড সীমান্তত পুনৰ উত্তেজনা !

নগা দুৰ্বৃত্তই অসম ভূমিত প্ৰৱেশ কৰি হত্যা কৰিলে পশুধন

WhatsApp Image 2023 01 06 at 13.16.13 1

Assam-Nagaland Border :

অসম-নগালেণ্ড সীমান্তত পুনৰ নগা দুৰ্বৃত্তৰ সন্ত্ৰাস৷ বৃহস্পতিবাৰে গভীৰ নিশা তিতাবৰৰ বেকাজান আৰক্ষী চকীৰ অন্তৰ্গত ৩৬ ঘৰীয়াৰ তেতেলীতল অঞ্চলত ভদীয়া চুতীয়া নামৰ লোকজনৰ বাসগৃহত সশস্ত্ৰ নগা দুৰ্বৃত্তৰ দল এটাই তাণ্ডৱলীলা চলায় ৷

প্ৰথমে পৰিয়ালটোত আক্ৰমণ কৰিবলৈ উদ্যত হয় যদিও কথমপি পলায়ল কৰে পৰিয়ালটোৰ সদস্যসকল ৷

পাছত ভদীয়া চুতীয়াৰ বাসগৃহত আক্ৰমন চলাই বাসগৃহ নষ্ট কৰাৰ উপৰিও ঘৰত থকা কুকুৰ, ছাগলী, হাঁহ, কুকুৰা মাৰি হত্যা কৰি বীৰদৰ্পে ওলাই যায় সশস্ত্ৰ নগা দলটো ৷

এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । ঘটনা সংঘটিত হোৱাৰ পাছতে নিশাই আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দুৰ্বৃত্তৰ সন্ধানত অভিযান চলাইছে ৷

Exit mobile version