Guwahati visits Union Minister Anurag Thakur : গুৱাহাটী-ডিব্ৰুগড়ৰ প্ৰস্তাৱিত জি-২০ৰ বৈঠকৰ বুজ ল’বলৈ আহিল সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰ

শক্তিপীঠ কামাখ্যা দৰ্শন কৰিলে মন্ত্ৰীগৰাকীয়ে

gmc 8 16729333594x3 1

Guwahati visits Union Minister Anurag Thakur :

গুৱাহাটী আৰু ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া জি-২০ৰ বৈঠকৰ প্ৰস্তুতিৰ বুজ ল’বলৈ গুৱাহাটীত যোৱাকালি উপস্থিত হয় কেন্দ্ৰীয় ক্ৰীড়া,তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী মন্ত্ৰী অনুৰাগ ঠাকুৰ।

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে গুৱাহাটীত ৱাই-২০ গোটৰ প্ৰথমখন বৈঠকৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে৷

মন্ত্ৰী ঠাকুৰে আই আই টি গুৱাহাটী,শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰ আদিৰ দৰে বহু কেইটা স্থান পৰিদৰ্শন কৰাৰ পাছতে জি ২০ সফলতাৰে আয়োজন কৰাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গ,সংবাদ মাধ্যমৰ লোকসকলৰ স’তে এক আলোচনাত মিলিত হয় ৷

উল্লেখ্য যে চলিত বৰ্ষৰ ছয়ৰ পৰা আঠ ফেব্ৰুৱাৰীলৈ অসমত অনুষ্ঠিত হ’বলগীয়া তিনিদিনীয়া অনুষ্ঠানত ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ ২৫০ জনতকৈও অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷ ভাৰতে প্ৰথমবাৰলৈ জি-২০ সন্মিলনৰ আয়োজন কৰিছে ৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত উপস্থিত হৈয়ে পোনে পোনে শক্তিপীঠ কামাখ্যা দৰ্শন কৰি মা কামাখ্যাৰ শ্ৰীচৰণত বিশেষ পূজা-অৰ্চনাৰে আশীৰ্বাদ গ্ৰহণ কৰে ।

Exit mobile version