Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2022 12 31 at 11.36.53 1

Horoscope :

মেষ : আজি আপোনাৰ দিনটো বৰ ভাল দেখা নাযায়। দূৰ যাত্ৰা নকৰিব। দেহভাৰ উত্তম বুলি যিকোনো নতুন কাম-কাজ কৰোতে উৎসাহ আহিব। শুভ ৰং ইটা, শুভ সংখ্যা ২।

বৃষ : হাত-ভৰিৰ বিষ বেদনা অনুভৱ কৰিব পাৰে। তেজৰ বেমাৰ হ’লেও তাৰপৰা উপমশ পাব। সন্তানৰ শুভ। দাঁতৰ বেমাৰ পৰা ভাল হোৱাৰ সম্ভাৱনা বেছি।

মিথুন : মানসিক অৱস্থা ঠিকেই থাকিব। চলা-ফুলাত সাৱধান থাকিব। আপোনাৰ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত ভালেই যদিও অর্থ আয় কৰিব নোৱাৰিব।

কৰ্কট : সন্তানৰ বিবাহৰ যোগ আছে। যাত্ৰা বাবে এই ৰাশিৰ জাতক-জাতিকাৰ শুভ দিন। ঘৰুৱা পৰিবেশ ভাল বুলি ক’ব পাৰি।

সিংহ : চাকৰিয়ালৰ বাবে ভাল। সন্তানৰ সু-স্বাস্থ্যৰ বাবে সৰু দুখীয়া ল’ৰা-ছোৱালীক বগা বস্তু খাবলৈ দিব। নিশাৰ ভাগত লঘোণত থাকিব।

কন্যা : পুৰণি ৰোগ উপশম হোৱাৰ সম্ভাৱনা। মানসিক দিশত ভালে যাব দিনটো শেষৰ ফালে সৰু-সুৰা ৰোগত কষ্ট পাব পাৰে। দূৰ ভ্ৰমণত আঘাত প্রাপ্তিৰ সম্ভাৱনা নথকা নহয়।

তুলা : দেহত এলাহ ভাব থাকিব পাৰে, দেহ মনত কষ্ট অনুভৱ হ’ব। নতুন কর্মত হাত নিদিয়াই ভাল।

বৃশ্চিক : দুর্ঘটনা, ৰক্তপাত আদি হোৱাৰ সম্ভাৱনা। ব্যৱসায় ক্ষেত্ৰত শুভ। স্বাস্থ্য ভালেই। বিদ্যাৰ্থীসকলৰ দিনটো শুভ।

ধনু :এই ৰাশিৰ জাতক-জাতিকাই আজি কলা মেকুৰীক পায়স খাব দিব। সু-ফলৰ বাবে লগত এখন ৰুমাল ৰাখিব।

মকৰ : শাৰীৰিক ফালেদি মধ্যমৰ কাৰক যদিও মাহটোৰ মাজভাগ মূৰৰ বিষ, পেটৰ বিষ আদিত ভুগিব পাৰে। ডাক্তৰৰ পৰামৰ্শ লোৱা ভাল।

কুম্ভ : ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচালত মন বেয়াই হ’ব পাৰে। দেহমনত দুর্বলত প্ৰকাশ পাব যদিও চিন্তাৰ একো কাৰণ নাই।

মীন : ঘৰৰ পৰিৱেশ ভাল বুলি ক’ব নোৱাৰি। পিতৃ-মাতৃৰ শৰীৰ বিৰোধ হ’ব পাৰে। ব্যৱসায়ত উন্নতি।

Exit mobile version