kashmir kupwara Road Accident:বৰফাবৃত কুপৱাৰাত ভয়ংকৰ দুৰ্ঘটনা

সেনা বাহিনী কঢ়িওৱা গাড়ী পৰিল দ- খাৱৈত সেনা,থিতাতে নিহত তিনি জোৱান

kashmir kupawara

kashmir kupwara Road Accident:

জম্মু-কাশ্মীৰৰ বৰফাবৃত কুপৱাৰাত বুধবাৰে সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় তিনিজনকৈ সেনা জোৱান ৷

এজন জুনিয়ৰ কমিছনড অফিচাৰ , দুজন আডাৰ ৰেংক বিষয়া কঢ়িয়াই অনা এখন বাহন বৰফেৰে আৱৰি থকা কুপাৱাৰা জিলাৰ মাছাল ছেক্টৰৰ ফৰৱাৰ্ড অঞ্চলৰ এটা দ-খাৱৈত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে৷

ফলত কৰুণ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ তিনিজন জোৱান ঘটনাস্থলীতে শ্বহীদ হয় ৷

সেনা বাহিনীৰ চাইনাৰ কৰ্পছে এক টুইটযোগে এই দুৰ্ঘটনাৰ বিষয়ে সদৰি কয় যে বৰফৰ বাবেই এই শোকাৱহ দুৰ্ঘটনাটি সংঘটিত হয় ৷

ইতিমধ্যে সেনাৰ উদ্ধাৰকাৰী দলে বৰফাবৃত গভীৰ খাৱৈৰ পৰা বহু প্ৰচেষ্টাৰ অন্তত সেনা জোৱান তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰিছে৷

উল্লেখ্য যে বিগত কে’বামাহ ধৰি পৰ্বতীয়া ৰাজ্যখনত প্ৰৱল তুষাৰপাত অব্যাহত থকাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা এক প্ৰকাৰ ব্যাহত হৈ পৰিছে ৷

যোৱা বৰ্ষৰ নৱেম্বৰ মাহতো হিমস্খলনৰ ফলত তিনিজন জোৱান নিহত হৈছিল।

Exit mobile version