Mumbai Custom Raid :মুম্বাই বিমান বন্দৰত যাত্ৰীৰ পৰা জব্দ ২৮ কোটি টকাৰ কোকেইন

04ea3963 e1f3 41d2 9c0b d2d55227b638

Mumbai Custom Raid :

মুম্বাই বিমান বন্দৰত যোৱা নিশা শুল্ক বিভাগৰ দলে অৰ্তকিতে চলোৱা অভিযানত এজন বিমান যাত্ৰীৰ পৰা জব্দ নিষিদ্ধ কোকেইন ৷

জব্দকৃত কোকেইন খিনিৰ ওজন প্ৰায় ২.৮১ কিলোগ্ৰাম ৷ আন্তৰাষ্ট্ৰীয় বজাৰত কোকেইন খিনিৰ মূল্য প্ৰায় ২৮ কোটি বুলি নিশ্চিত কৰিছে মুম্বাইৰ শুল্ক বিভাগে ৷

আটকাধীন যাত্ৰীজনে কোকেইনখিনি বেগ এটাৰ ভিৰতৰ কে’বাতৰপীয়াকৈ পেকেট বনাই সুকীয়া সুকীয়াকৈ সংগোপনে লুকুৱাই আনিছিল ৷ কিন্ত মুম্বাই শুল্ক বিভাগে বিশেষ খবৰৰ ভিত্তিত সম্ভেদ পাই যাত্ৰীজনৰ বেগত তালাচী চলাওতেই ওলাই পৰে কোকেইন খিনি ৷

আনহাতে ধৃত কোকেইন সৰবৰাহকাৰী জনক জেৰা কৰাত সহৰি কৰে যে , কোকেইন ভৰ্তি বেগটো তেওঁৰ নহয় ৷ ছ’চিয়েল মেডিয়াৰ জৰিয়তে চিনাকি হোৱা বন্ধু এজনে বেগটো তেওঁৰ হাতত তুলি দিছিল৷

শুল্ক বিভাগে বিমান যাত্ৰী জনৰ এই কৌশলী মন্তব্যত প্ৰতিয়ন যোৱা নাই৷বৰং হাত সাৰিবৰ বাবে এইয়া সৰবৰাহকাৰী জনৰ অভিসন্ধি বুলিহে প্ৰকাশ কৰে ৷ ইতিমধ্যে মুম্বাই শুল্ক বিভাগে আটকাধীন লোকজনক অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version