New Assamese Movie ‘Anur’:২৭ জানুৱাৰীত চিত্ৰগৃহলৈ অনুৰাধা শৰ্মা পূজাৰীৰ কাহিনীৰে নিৰ্মিত নতুন অসমীয়া চলচ্চিত্ৰ

গুৱাহাটীত "অনুৰ"ৰ সংগীত মুকলি,মুখ্য চৰিত্ৰত বলীউডৰ জনপ্ৰিয় অভিনেতা ৰজত কাপুৰ

anu 1

New Assamese Movie ‘Anur’:

ডাঃ গােপেন্দ্র মােহন দাসৰ শিৱম ক্রিয়েচনৰ প্রযােজনাত একাদিক্রমে “কেকটাচ“ আৰু “কানীন নামৰ দুখন চলচ্চিত্র নির্মানৰ পাছত, বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ এটি চুটি গল্পৰ আধাৰত যুৱ পৰিচালক মঞ্জুল বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত “অনুৰ”(Eyes on the Sunshine) চলচ্চিত্রখনি অহা ২৭ জানুৱাৰীত চিত্ৰগৃহলৈ আহিব।

ADVERTISEMENT

মহানগৰীৰ পেঞ্চনপাৰাৰ কেফে ক্ৰাফটত বুধবাৰে ছবিখনিৰ সংগীতসমূহ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । সম্প্ৰতি দেশ-বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত তথা সমাদৃত ছবিখনিৰ সংগীত পৰিচালনা কৰিছে তৰালী শৰ্মাই ।

ছবিখনিত সংযোজিত তৰালী শৰ্মাৰ দুয়োটা গীতত কণ্ঠদান কৰিছে ৰূপম ভূঞা আৰু তৰালী শৰ্মাই। মূলতঃ বৃদ্ধাৱস্থাত একাংশ পিতৃ-মাতৃয়ে নিজৰ সন্তান থকাৰ পাছতো কেনেদৰে নিসংগ হৈ পৰে আৰু সেই শোক-সন্তাপবোৰ কেনেদৰে অবদমন কৰি থাকিবলগীয়া হয় তাকেই মূল বিষয়বস্তু হিচাপে লৈ ছবিখনিৰ চিত্ৰনাট্য-সংলাপ লিখিছে পৰিচালক মঞ্জুল বৰুৱাই ।

চিনেমাটোগ্ৰাফী সুমন দুৱৰাৰ। ছাউণ্ড ডিজাইন কৰিছে অমৃত প্ৰীতমে। সাজসজ্জা গৰিমা শইকীয়া গাৰ্গৰ। মেকআপ আৰ্টিষ্ট তীব্ৰজ্যোতি বৈৰাগী। ছবিখনি সম্পাদনা কৰিছে টুৱেনচাঙে।

ৰি-ৰেকৰ্ডিং আৰু মিক্সিং কৰিছে দেবাজিৎ চাংমাইয়ে। পোষ্টাৰ ডিজাইন কৰিছে ৰিতুপৰ্ণ বৰাই। “অনুৰ” ত অভিনয় কৰিছে ক্ৰমে- বলীউডৰ জনপ্ৰিয় শিল্পী ৰজত কাপুৰ, ড° জাহানাৰা বেগম, বলোৰাম দাস, উদয়ন দুৱৰা, ৰাজশ্ৰী শৰ্মা, বিদ্যা ভাৰতী, বিভূতি ভূষণ হাজৰিকা, মানস দাস, ড° জয়ন্ত দাস, আখ্যা জে.কাশ্যপ, ময়ূৰ জি.দাস, শ্ৰুতিমালা শইকীয়া, কুল কুলদীপ, ৰয়ন্তী ৰাভা, মিতু বি. কাশ্যপ, দ্ৰুপদ দাস, অঞ্জনাভ ৰাজখোৱা আদিয়ে।

আনহাতে, ছবিখনিৰ সংগীত মুকলি কৰি সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে ভাষণ প্ৰদান কৰি অসমীয়া ছবিৰ উত্থান, যুৱপ্ৰজন্মৰ উদীয়মান চলচ্চিত্ৰ নিৰ্মাণৰ বিষয়ে প্ৰসংশা কৰে।

তদুপৰি, অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকল ক্ৰমে জ্যেষ্ঠ চলচ্চিত্ৰ সমালোচক, পৰিচালক উৎপল বৰপূজাৰী প্ৰমুখ্যে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে ছবিখনিৰ সন্দৰ্ভত বক্তব্য দাঙি ধৰে।

Exit mobile version