Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাছ মৰাত নিষেধাজ্ঞা প্ৰশাসনৰ !

১৪৪ ধাৰা জাৰি দুই জিলা প্ৰশাসনৰ

WhatsApp Image 2023 01 13 at 4.37.42 PM

Kaziranga:

এশিঙিয়া গড়ৰ বাবে বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সমূহীয়া মাছ মৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে নগাঁও আৰু গোলাঘাট জিলা প্ৰশাসনে ৷

ADVERTISEMENT

উল্লেখ্য যে মাঘৰ বিহু উৰুকাত কাজিৰঙাত একাংশ লোকে মাছ মৰাক কেন্দ্ৰ কৰি বিগত বৰ্ষত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷

বিগত বৰ্ষৰ পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই আগতিয়াকৈ স্থানীয় ৰাইজলৈ আহ্বান জনায় কয় ,কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাৰ বাবে এইবাৰৰ উৰুকাৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ এলেকা, বান্দৰডুবি, হালধিবাৰী আদিত সমূহীয়া মাছ মৰাৰ পৰা বিৰত থাকক ৷

ইতিমধ্যে গোলাঘাট আৰু নগাঁও জিলা প্ৰশাসনে আইন ভংগ কৰি কোনো লোকে যাতে ৰাষ্ট্ৰীয় উদ্যানখনত অনাধিকাৰ প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে জাৰি কৰিছে ১৪৪ ধাৰা

একেদৰে আগতিয়াকৈ মোতায়ন কৰিছে বহু সংখ্যক আৰক্ষী আৰু চি আৰ পি এফ।

Exit mobile version