Horoscope:ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 1

Horoscope:ৰাশিফলমেঘ:

কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সন্থাৰ পৰা স্বীকৃতি লাভ ৷ শৰীৰ পিছে খুব ভালেৰে যোৱা টান দ’ব ৷ পাৰিবাৰিক সমস্যা থাকিব ৷
বৃষ: কৰ্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্ৰত খুব উৎসাহজনক দেখা নাযায় ৷ নিজে ভবামতে সকলো দিশেই ভাল ফল নাপাব ৷ ভ্ৰমণাদিত অন্যমনস্ক নহ’ব ৷

মিথুন : আজি কিছু ফৰকাল ৷বিদ্যাৰ্থীৰ বাবেওবেয়া নহ’ব ৷ তথাপি আপোন কোনো মানুহৰ স’তে মানসিক দণ্ডৰ সৃষ্টি হ’লে“ ক্ষতিকাৰক নহ’ব ৷ প্ৰেম – প্ৰণয়ত শুভ ৷ ৷
কৰ্কট:কামত উৎসাহ পাব ৷ ঘৰুৱা দিশতো সহানুভূতি থাকিব ৷ দাম্পত্যত কিছু সমস্যা থাকিলেও দুচিন্তা নাই ৷ নিজে সক্ৰিয় ভূমিকা ল’লে অসম্পূৰ্ণ বিষয়ত অগ্ৰগতি ল’ব ৷

সিংহ: অলপ সৰ্তক হৈ চলক ৷ নতুন কাম- কাজৰ আৰম্ভণিত আহুকাল থাকিব ৷ বন্ধু- বান্ধৰ পৰাও ভাল সহানুভূতি নাপাব ৷শৰীৰৰ দুৰ্বলতা থাকিব ৷ বিদ্যাত মধ্যম ৷

কন্যা : সাৱধানেৰে কামত আগুৱাওক ৷ শৰীৰৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব ৷দাম্পত্যত নিজৰ আৱেগ- অনুভূতিক কক্ষ কৰি নুতুলিব ৷ সন্তানৰ ভালেই ৷ পঢ়া -শুনাত দৃঢ়তাৰে দৰকাৰ হ’ব ৷

তুলা : সৃষ্টিমূলক চুক্তি আদিত অনুকুলতা পাৰিব ৷ পৰিৱৰ্তীয় মনোভাৱে ভ্ৰমণৰ উদ্যোগী হ’ব পাৰে ৷

বৃশ্চিক : কিছু পৰিমাণে মনটো ফৰকাল থাকিব ৷ কোনো সংযোগ তথা দক্ষতাৰ বাবে আনৰ পৰা প্ৰশংসা পাব ৷ ব্যস্ততাৰ মাজেৰে কৰা সিদ্ধান্তত উদ্বেগৰ সৃষ্টি যেন দেখিলে মনোবল বঢ়াওক ৷

ধনু : ব্যৱসায়ৰ ক্ষেত্ৰত নজৰ দিব ৷ কিন্ত দাম্পত্যত শাৰিৰীক দুচিন্তা কৰ্মক্ষেত্ৰত বাধা আহিব পাৰে ৷ বিদ্যাত শুভ ৷প্ৰেম- প্ৰণয়ত আনন্দ ৷

মকৰ : আৰ্থিক দিশত খৰচৰ মাত্ৰা অত্যাধিক হ’ব যদিও ব্যৱসায়- বাণিজ্যত আয়ৰ মাত্ৰা বৃদ্ধি পাব ৷ বিদ্যাত পাৰিবাৰিক বাধা আহিব পাৰে ৷ প্ৰেম- প্ৰণয়ত শুভ ৷

কুম্ভ : অংশীদাৰী ব্যৱসায়ত উন্নতিৰ কাৰকৰ্তা ৷আাৰ্থিক দিশত বন্ধুৰ দ্বাৰা ক্ষতি হ’ব পাৰে ৷ বিদ্যাত সফলতা পাব ৷প্ৰেম- প্ৰণয়ত আবেগ বৃদ্ধি পাব ৷

মীন : শাৰিৰীক দুচিন্তাৰ কাৰণ নাই ৷ নানা শুভ সংবাদ আৰু আনন্দৰ মাজেৰেই দিনটো পাৰ হ’ব ৷ চাকৰিয়ালৰ কৰ্মক্ষেত্ৰত সমস্যা আহিব পাৰে ৷ বন্ধুবৰ্গৰ পৰা প্ৰতাৰিত হ’ব পাৰে ৷

Exit mobile version