Theft Arrested :গীতানগৰ আৰক্ষীৰ জালত ৫ গভাইত চোৰ

WhatsApp Image 2023 01 17 at 6.20.49 PM

Theft Arrested :

গীতা নগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আদিত্য দেউৰীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে কালি নিশা আৰু আজি দিনৰ ভাগত অভিযান চলাই বামুনীমৈদামৰ হাফিজ নগৰ আৰু ভাস্কৰ নগৰ অঞ্চলৰ পৰা ৫ টাকৈ গভাইত চোৰ কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

আৰক্ষীৰ জালত পৰা ধৃত চোৰ কেইটা হৈছে বামুণী মৈদাম অঞ্চলৰ জগু মণ্ডল(৬০),ছিদ্দিক শেখ(৭৪) ওৰফে জোনাব ওৰফে মুন্সী,জহিৰুদ্দিন(৫৫) ওৰফে শিল চৰিয়া ,ধুবুৰীৰ চিৰাজুল হক(২৫) আৰু নগাঁও অঞ্চলৰ, ৰূপছান আলী(২২)।

অভিযান কালত আৰক্ষীয়ে চোৰ কেইটাৰ পৰা পানীৰ মটৰ, বেটাৰী, ঝাৰু আদিকে ধৰি আন বহুতো চুৰি সা- সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।
সম্প্ৰতি গীতানগৰ আৰক্ষী থানাত ৰখা চোৰ কেইটাক অধিক তথ্যৰ সন্ধানত জেৰা অব্যাহত ৰাখিছে । ইফালে চোৰৰ দলটোৰ মূল অভিযুক্তৰ সন্ধানত গীতানগৰ আৰক্ষীযে অভিযান অব্যাহত ৰাখিছে।

Exit mobile version