Rakhi Sawant Arrest : আৰক্ষীৰ জালত বহু বিতৰ্কিত আইটেম গাৰ্ল ৰাখী সাৱন্ত !

9842 sherlyn chopra and rakhi sawant

Rakhi Sawant Arrest :

মায়ানগৰী বলীউদৰ বহু বিৰ্তকিত ‘ড্ৰামা কুইন’ ৰাখী সাৱন্তক গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ। সময়ে সময়ে বহু বিৰ্তকিত কাৰ্য্যকলাপৰে বাতৰি শিৰোনামা দখল কৰা আইটেম গাৰ্ল গৰাকীক আজি মুম্বাইৰ আম্বোলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি আটকাধীন ৰাখীক আজিয়ে আন্ধেৰীৰ আদালতত হাজিৰ কৰোৱা হ’ব । উল্লেখ্য যে জনপ্ৰিয় মডেল শ্বাৰ্লিন চোপ্ৰাৰ অভিযোগৰ ভিত্তিত আপত্তিজনক ভিডিঅ’ আৰু ফটো সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অভিযোগ সাৱন্তৰ বিৰুদ্ধে।

যাৰবাবে দুদিন পূৰ্বে মডেল গৰাকীয়ে আম্বোলী থানান ৰজু কৰিছিল গোচৰ ৷ এই গোচৰটিৰ ভিত্তিত অম্বোলী আৰক্ষীয়ে ৰাখী সাৱন্তৰ বিৰুদ্ধে পঞ্জীভূক্ত কৰে গোচৰ।

মনকৰিবলগীয়া যে সম্ভাব্য গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ ‘ড্ৰামা কুইন’ গৰাকীয়ে বুধবাৰে অগ্ৰিম জামিনৰ বাবে মুম্বাইৰ ছেছন আদালতৰ কাষ চাপিছিল যদিও আদালতে আবেদন নাকচ কৰে ৷

বৃহস্পতিবাৰে পুৱাই মুম্বাই আৰক্ষীয়ে সাৱন্তক নিজৰ ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ সততে বিৰ্তকত থকা আইটেম গাৰ্ল ৰাখী সাৱন্তে যোৱা সপ্তাহত হিন্দু ধৰ্ম ত্যাগ কৰি ব্যৱসায়ী আদিল খানৰ স’তে বিবাহপাশত আবদ্ধ হয় ৷

Exit mobile version