Guwahti Banglaseshi Detained :মহানগৰ আৰক্ষীৰ জালত বাংলাদেশী যুৱক

ভূৱা আধাৰ কাৰ্ড সহ আটক বাংলাদেশী যুৱকজনক

WhatsApp Image 2023 01 21 at 12.55.46 PM

Guwahti Banglaseshi Detained :

গুৱাহাটী মহানগৰৰ সদাব্যস্ত পল্টন বজাৰত আটক বাংলাদেশী যুৱক ৷ কাঁইটীয়া তাঁৰ পাৰ হৈ আহি গোপনে থিতাপি লৈছিল মহানগৰীত ৷ গোপন খবৰৰ ভিত্তিত পল্টনবজাৰ আৰক্ষীয়ে আটক কৰিছে যুৱকজনক

। লগতে জব্দ কৰে ভূৱা ঠিকনাৰে প্ৰস্তুত কৰা আধাৰ কাৰ্ড ৷ ধৃত বাংলাদেশীজনৰ নাম আব্দুল আমিন লতাৰ। আৰক্ষীৰ মাৰাথন জেৰাত বাংলাদেশীজনে স্বীকাৰ কৰি যে, তেওঁ ঘৰ বাংলাদেশৰ সুমনগঞ্জ জিলাৰ চায়াপুৰত ৷

উল্লেখ্য যে ধৃত বাংলাদেশীজনে নগাঁও জিলাৰ ধিংৰ বেছামাৰিৰ ঠিকনাৰে নকল আধাৰ কাৰ্ড প্ৰস্তুত কৰি লৈছিল ৷ অবৈধভাৱে অসমত প্ৰৱেশ কৰাৰ পূৰ্বে নকল আধাৰ কাৰ্ড সহ অন্ন নথিপত্ৰ প্ৰস্তুত কৰি সেইবোৰৰ জৰিয়তে দেশৰ নতুন দিল্লী,কাশ্মীৰতো সংগোপনে কাম কৰিছিল ৷

শেহতীয়াকৈ উত্তৰ ভাৰত পৰিভ্ৰমণ কৰি আহি অসমত থিতাপি লৈছিল ৷ কিন্ত অৱশেষত আৰক্ষীৰ জালত পৰে বাংলাদেশী নাগৰিকজন ৷

ইতিমধ্যে পল্টনবজাৰ আৰু চানমাৰি আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত বাংলাদেশীজনক জেৰা অব্যাহত ৰাখিছে ৷
উল্লেখ্য যে , ৰাজ্যত বাংলাদেশী অনুপ্ৰৱেশ হৈ থকা বিষয়টো সময়ে সময়ে উদ্থাপন হৈ আহিছে যদিও এই ক্ষেত্ৰত শাসক-বিৰোধী সকলোৱে বিষয়টোত মৌনতা অৱলম্বন কৰাহে দেখা যায় ৷

কিন্ত শেহতীয়াকৈ ৰাজ্যত বাংলাদেশীয়ে অবৈধভাৱে প্ৰৱেশ কৰি ভূৱা আধাৰ কাৰ্ড সহ অন্ন নথিপত্ৰ প্ৰস্তুতৰ বিষয়টো অতি গম্ভীৰ বিষয় হিচাপে বিবেচিত হৈছে ৷

Exit mobile version