Horoscope:ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 3

Horoscope:ৰাশিফল

মেঘ: যোগাযোগ ভালেই দেখা যায়  ৷বিদ্যাত আহুকাল আহিব ৷ ঘৰুৱা কথাত পূৰ্বৰ তুলনাত উন্নত ফল ৷ বন্ধুৰ পৰা খুব উপকৃত নহ’ব ৷ শুভ ৰং গেৰুৱা ৷শুভ সংখ্যা ৮ ৷

বৃষ: বেপাৰ বাণিজ্যত থকা সকলে কিছু সূযোগ পাব ৷ প্ৰিয় সংগ ,আৰ্থিক উন্নতি আদিৰ শুভ সংযোগ দেখা যায় ৷ মনত সমালোচনা ভালে দেখা দিব ৷ শুভ ৰং সোণালী ৷ শুভ সংখ্যা ২ ৷

মিথুন : কিবাকিবি,সংযোগত মজলীয়া ফল ৷ অৱশ্যে পূৰ্ব তুলনাত মানসিক দিশত উন্নত কৰ্মস্থানত কিছু জটিলতা কমিব ৷ বিদ্যাৰ্থীয়ে যত্ন লোৱাটো ভাল হ’ব ৷ শুভ ৰং হালধীয়া৷শুভ সংখ্যা ৩ ৷

কৰ্কট: কাৰ্যক্ষেত্ৰত আপোনাৰ প্ৰভাৱ থাকিব ৷ ভবা মতে,দুই এটা কামত আগুৱাব ৷ বন্ধু- বান্ধৱৰ লগত সমন্ধ অটুট থাকিব ৷ বিদ্যাত প্ৰায় অনুকুল৷শুভ ৰং ৰঙা ৷ শুভ সংখ্যা ৭ ৷

সিংহ: আৰ্থিকত বিশেষ আহুকাল নাযাব প্ৰাপ্ত ধন পোৱাৰ সংকেত আছে ৷ বিদ্যানুৰাগীৰ উন্নতি ৷ পৰিৱৰ্তনশীল কৰ্মযোগ দেখা যায় ৷ শুভ সংখ্যা ৬ ৷ শুভ ৰং বগা ৷

কন্যা : সাধাৰণ পৰিৱৰ । শৰীৰৰ কিছু উন্নতি। বিদ্যাত মজলীয়া ফল । কৰ্মস্থানত ভালেই দেখা যায় ৷ আকস্মিক আমন্ত্ৰণ ৰক্ষাৰ দৰকাৰ দ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯ ৷

তুলা : কৰ্মস্থানত শুভাশুভ প্ৰভাৱ দেখা যায় ৷ নতুন কামত মন দিব পাৰিব ৷ সামগ্ৰীক দিশত বৃদ্ধিৰ প্ৰসাৰ লাভ পূৰ্বতকৈ সামান্য অনুকুল ৷ শুভ ৰং কমলা ৷ শুভ সংখ্যা ৪ ৷

বৃশ্চিক : শৰীৰ বৰ ভাল লাগি নাথাকিব ৷ আাৰ্থিকত কঠিনতাৰ মাজে চলিব লাগিব ৷ কৰ্মত বাধা দেখিব ৷ প্ৰিয় লোকৰ স’তে আলাপ ৷ শুভ ৰং সেউজীয়া ৷ শুভ সংখ্যা ৬ ৷

ধনু : কৰ্মক্ষেত্ৰত বিশেষ কাৰণত কোনোৱে ওপৰুৱা বাস্তৱত ভূগিব ৷ আনহাতে,দিনতো পৰিস্কাৰ থাকিব ৷ শৰীৰ ভালেৰে যাব ৷ বিদ্যাত বেয়া দেখা নাযায় ৷  শুভ ৰং ৰঙা। শুভ সংখ্যা ৯ ৷

মকৰ : মধ্যম দিন ৷ হিচাপ নোহোৱা ব্যস্ততাৰে সময় ব্যয় হ’ব ৷ কৰ্মত বাধা কম যদিও নিশ্চিত নহয় ৷ কৰ্তব্যত মনোযোগ ৰাখক ৷ শুভ ৰং গেৰুৱা ৷ শুভ সংখ্যা ২ ৷

কুম্ভ : আপুনি কিছু আশা দেখিব । শৰীৰেও আপোনাক কিছু সহায় কৰিব ৷ ঘৰুৱাত মধ্যম প্ৰভাৱ ৷ আৰ্থিকত বাধা দেখা নাযায়। শুভ ৰং হালধীয়া ৷ শুভ সংখ্যা ৭ ৷

মীন : প্ৰথমতে দিনটো খুব ভালেৰে যোৱাটো কঠিন হ’ব ৷ এটা নহয় এটা আহুকাল থাকিব ৷ অৱশ্যে গতানুগতিক কামত সিমান দুচিন্তা নাথাকিব ৷ ভ্ৰমণত মধ্যম ফল ৷ শুভ ৰং আকাশী নীলা ৷ শুভ সংখ্যা ৪ ৷

Exit mobile version