Tripua Election Nomination Submitted:
চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে নিৰ্বাচনৰ দিন ৷
ৰাজ্য খনৰ বিধানসভাৰ ৬০ টা সমষ্টিৰ ভোটদান হ’ব ১৬ ফেব্ৰুৱাৰীত ৷ আনহাতে ভোট গণনা সম্পন্ন হ’ব ২ মাৰ্চত ।
নিৰ্বাচনী প্ৰস্তুতিৰ প্ৰথম পদক্ষেপ হিচাপে ভাৰতীয় নিৰ্বাচন আয়োগে শনিবাৰে জাৰি কৰা জাননী অনুসৰি নিৰ্বাচনত অৱৰ্তীৰ্ণ হ’বলগীয়া প্ৰাৰ্থী সকলে ৩০ জানুৱাৰীৰ ভিতৰত দাখিল কৰিব লাগিব মনোনয়ন পত্ৰ ৷
আনহাতে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অন্তিম দিন ২ ফেব্ৰুৱাৰী নিৰ্ধাৰণ কৰি দিছে নিৰ্বাচন আয়োগে ৷