Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 3

Horoscope :

মেষ: কর্মতৎপৰতা থাকিব। কিন্তু শৰীৰ ভালে নাযাব পাৰে৷ ব্যৱসায়ীসকল কোন সম্ভাব্য যোগাযোগৰ বাবে চেষ্টা কৰি চাব পাৰে প্ৰেমত মতবিৰোধ। বিদ্যাত উৎসাহ। শুভ ৰং ৰঙা। শুভ সংখ্যা -৯।

বৃষ : উদ্বেগৰ মাজেৰে আপুনি কৰ্ম আৰু যোগাযোগ ৰক্ষা কৰিব পাৰিব। বিদ্যাৰ্থীৰ বাবে শুভাশুভ। কর্মসমন্ধীয় কামত কষ্টেৰে প্ৰগতি কৰিব। শুভ ৰং বগা। শুভ সংখ্যা-৭।

মিথুন :কোনো কাৰণত বুদ্ধিদীপ্ত চুক্তি সম্পাদন কৰি উপকৃত হ’ব। বিদ্যাতো বেয়া নহ’ব। ব্যৱসায় বাণিজ্যত আয় বৃদ্ধিৰ কাৰকতা। শৰীৰ বিশেষ ভাল বুলি ক’ব নোৱাৰি। শুভ ৰং নীলা। শুভ সংখ্যা ৪।

কর্কট : আর্থিকত বাধা কম পাব। কিন্তু কোনোৱে কৰ্মস্থানত কেইটিমান দিশত চিন্তিত হ’ব পাৰে। বিদ্যাত শুভাশুভ ফল পাব। শৰীৰো মধ্যম। পাৰিবাৰিক শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ২।

সিংহ :মাজে মাজে গভীৰ চিন্তাই জুমুৰি দি ধৰিব। কৰ্মস্থানত সচ্ছলতা নাথাকিব। শৰীৰ মধ্যম। দাম্পত্যত মজলীয়া প্ৰভাৱ পৰিব। কাকো ৰুক্ষ ব্যৱহাৰ নকৰিব। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৮।

কন্যা : আর্থিক দিশত ধনাত্মক হ’ব পাৰে। কর্মক্ষেত্ৰত দক্ষতা বৃদ্ধি পাব। ব্যৱসায়ত শুভ ফল পাব। বিদ্যাৰ্থীৰ কিছু বেমাজালি আহিব পাৰে। প্ৰেমত শুভ। দাম্পত্যত সাধাৰণ মতান্তৰ। শুভ ৰং নীলা। শুভ সংখ্যা ৭।

তুলা : আর্থিক দিশত প্রয়োজনীয় বাবে খৰচৰ বাট ওলাব। ব্যৱসায়ীসকলৰ বাবে দিনটো বিশেষ শুভ নহ’ব। শত্ৰুৰ পৰা মিত্ৰ যোগৰ আশা। বিয়া-বাৰুৰ সংযোগ। শুভ ৰং বগা, শুভ সংখ্যা ৬।

বৃশ্চিক : নিৰাশ কৰ্ম চিন্তা, ভ্ৰমণাদিৰ যোগ থাকিব। কোনো অপৰাধীৰ কথাত মনত অস্থিৰতা থাকিব। ব্যৱসায়ত প্রাপ্য ধন আদায়ৰ সুযোগ পাব। পাৰিবাৰিক শুভ ৰং সোণলী। শুভ সংখ্যা ৩।

ধনু :অস্থিৰ চিন্তা বাদ দিয়াটো ভাল। চকুৰ আমনি দেখা যায়। কৰ্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল পাব। দাম্পত্যত সিমান আনন্দ নাথাকিব। বিদ্যাত শুভ। শুভ ৰং হালধীয়। শুভ সংখ্যা ৮।

মকৰ : কৰ্মস্থানত গতানুগতিক পৰিৱেশ বিৰাজ কৰিব। প্রাপ্য সুযোগ ব্যৱহাৰ কৰাত সাৱধান থকাটো ভাল৷ ভ্ৰমণত লাভজনাক ফল কম। শুভ ৰং মাটিয়া ৷ শুভ সংখ্যা ৪।

কুম্ভ :শিল্প কলাত পাৰদৰ্শিতা থাকিব। আর্থিক দিশত খৰচৰ পথ মুক্ত থাকিব। অংশীদাৰী ব্যৱসায়ত লাভৰ কাৰকা। দূৰ ভ্ৰমণ যোগ। শুভ ৰং ক’লা হালধীয়া। শুভ সংখ্যা ৪।

মীন :হাতত লোৱা কাৰ্যসূচীৰ সুস্থ সমাধান পাব। সুচিন্তা আৰু আপোনাৰ ভদ্ৰতাৰ বাবে অনুকূলতাৰ প্ৰভাৱ পেলাব। নতুন কোনো আশা পূৰণ হ’ব। শুভ ৰং গুলপীয়া। সংখ্যা ১।

Exit mobile version