Gautam Adani : এদিনতে ৪৮৯,৯৯,৩০,০০,০০০ টকাৰ লোকচান হ’ল গৌতম আদানীৰ

adani 1

Gautam Adani :

ADVERTISEMENT

২০২৩ৰ আৰম্ভণিৰ মাহ আদানী গোষ্ঠীৰ মুৰব্বী গৌতম আদানীৰ বাবে বিশেষ সুখকৰ নহ’ল। বছৰৰ আৰম্ভণিৰে পৰা সম্পত্তিৰ পৰিমাণ হ্রাস পাইছে আদানীৰ।

ফ’বৰ্ছ ৰিয়েল টাইম বিলিয়নেৰ ইনডেক্সৰ তথ্য অনুসৰি, এদিনতে আদানীৰ সম্পত্তি ৬.১ বিলিয়ন ডলাৰ অৰ্থাৎ ৪৮৯,৯৯,৩০,০০,০০০ টকা হ্রাস পালে।

দৰাচলতে আদানী গোষ্ঠীৰ শ্বেয়াৰ মূল্য অৱনমিত হোৱাৰ ফলত আদানীৰ মুঠ সম্পত্তিৰ পৰিমাণ এদিনত ৬.১ বিলিয়ন ডলাৰ হ্ৰাস পালে।

সম্প্রতি ধনাঢ্য ব্যক্তিৰ তালিকাত ফ’বৰ্ছৰ তৃতীয় স্থানত আৰু ব্লুমবৰ্গ বিলিয়নেৰ ইনডেক্সৰ তালিকাত চতুর্থ স্থানত আছে আদানী।

সম্প্ৰতি আদানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১২০.৫ বিলিয়ন ডলাৰ।

Exit mobile version