Horoscope:ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 6

Horoscope:ৰাশিফল

মেঘ: দৈনন্দিন কৰ্মত সাফল্য আহিব ৷কাৰোবাৰ লগত চলি অহা বিবাদৰ নিস্প্ৰতি হ’ব পাৰে ৷আত্মীয় দ্বাৰা অপমানিত হ’ব পাৰে সামাজিক কামত সন্মান প্ৰাপ্তিৰ যোগ ,আকস্মিকভাৱে অৰ্থ সম্পদ প্ৰাপ্তিৰ সম্ভাৱনা দেখা যায় ৷ ব্যৱসায়- বাণিজ্যত মধ্যম ফল ৷ দাম্পত্য শান্তি বজাই থাকিব ৷

বৃষ: চেষ্টা আৰু সংযম বজাই ৰাখিব পাৰিলে দিনটোত বিভিন্ন দিশত সফল হ’ব পাৰিব ৷ কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভাৰ বিকাশ ঘটিব ৷ কিবা বিষয়লৈ ভাতৃত্বৰ লগত বিৰোধ দেখা দিব পাৰে ৷ সাংবাদিক কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধিৰ যোগ ৷ আৰ্থিক ক্ষেত্ৰত মধ্যম ফলদায়ক হ’ ব ৷ বিদ্যাৰ্থীৰ সাফল্য আহিব ৷

মিথুন : কৰ্মক্ষেত্ৰত মধ্যম ফল ৷এই ৰাশিৰ ক্ৰীড়াবিদ সকলৰ বাবে দিনটো শুভ ফলদায়ক হ’ব ৷গুৰুত্বৰ কামত সাফল্য আহিব ৷ দিনৰ শেষৰ ভাগত ব্যৱসায়- বাণিজ্যত জটিলতা দেখা দিব পাৰে ৷

কৰ্কট: কৰ্মক্ষেত্ৰত বেমেজালিয়ে দেখা দিব পাৰে ৷ এই ৰাশিৰ সংগীত শিল্পী সকলৰ বাবে দিনটো ফলদা হ’ব ৷ দিনটোত কামত সুফল পাব পাৰে ৷ ভাতৃৰো উন্নতিৰ যোগ ৷ বেচৰকাৰী ক্ষেত্ৰত কৰ্ম পৰিৱৰ্তনৰ যোগ।

সিংহ: কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সৰ্তকতা অৱলম্বন কৰিব ৷ অপ্ৰত্যাশিত ঘৰোৱা অশান্তি দেখা দিব পাৰে ৷ সমাজসেৱামূলক কামত সাফল্য আহিব ৷ নতুন যোগাযোগৰ ক্ষেত্ৰত সাফল্য আহিব। দিনটোত আত্মীয় বিয়োগৰ খবৰ পাব পাৰে ৷ ব্যৱসায়- বাণিজ্য মধ্যম ফল ৷

কন্যা : কৰ্মক্ষেত্ৰত বিশেষ কোনো কামৰ বাবে প্ৰশংসা লাভ কৰিব ৷ হঠাৎ শৰীৰৰ আত্মপ্ৰাপ্তিৰ যোগ আছে ৷ গতিকে দিনটোত সাৱধানেৰে চলাফুৰা কৰিব। অৰ্থ সম্পদ প্ৰাপ্তিৰ যোগ আছে ৷ দিনটোত নতুন যোগাযোগৰ ক্ষেত্ৰত অপ্ৰত্যাশিতভাৱে বাধা পৰিব পাৰে ৷ প্ৰেমত সাফল্য আহিব ৷

তুলা : ঘৰু অশান্তিৰ ফলত দৈনন্দিন কৰ্মত বাধা ৷ কৰ্মক্ষেত্ৰত সমস্যা বৃদ্ধি পাব ৷ দিনটোত নতুন যান-বাহন ক্ৰয়ৰ যোগ আছে ৷ নিবনুৱা জাতক- জাতিকাই কৰ্ম সংস্থাপনৰ যোগ দেখা যায় ৷

বৃশ্চিক : কৰ্মক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যোগ। কিবা বিষয়লৈ ভাতৃৰ লগত বিৰোধ হ’ব পাৰে ৷ শিক্ষাবিভাগৰ স’তে জড়িট ব্যক্তি সকলৰ উন্নতিৰ যোগ ৷ দিনটোত শুভ সংবাদ প্ৰাপ্তিৰ ফলত মানসিক আনন্দ লাভ কৰিব ৷

ধনু : সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব ৷ কিবা বিষয়লৈ পিতৃ- পুত্ৰৰ মাজত বিৰোধৰ সম্ভাৱনা দেখা যায় ৷ কৰ্মক্ষেত্ৰত শত্ৰুৱে বদনাম কৰোৱা দেখা কৰিব ৷ প্ৰভাৱশালী ব্যক্তিৰ সহায়ক মাধ্যমৰ নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ ৷ অযথা অৰ্থ সম্পদৰ অপচয় হ’ব পাৰে ৷ বিদ্যাৰ্থীৰ উন্নতিৰ যোগ ৷

মকৰ : কৰ্মক্ষেত্ৰত অপ্ৰত্যাশিতভাৱে জটিলতাই দেখা দিব পাৰে ৷ বিশেষ কোনো কামৰ বাবে আত্মীয়সৰ্জনৰ প্ৰশংসা লাভ কৰিব ৷ হাৰ্ট বা ৰক্ত সংক্ৰান্তীয় বেমাৰ আজাৰত আক্ৰান্তৰ যোগ ৷

কুম্ভ : কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব বৃদ্ধি পাব ৷ আইন ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ সাফল্য আহিব ৷ বিনা কাৰণত অপমানিত হ’ব পাৰে ৷ ব্যৱসায়- বাণিজ্যত শুভ যদিও নতুনকৈ ব্যৱসায়ৰ পৰিকল্পনা নকৰাই ভাল ৷ আৰ্থিকক্ষেত্ৰত মধ্যম ফল ৷ বিদ্যাৰ্থীয়ে অধিক পৰিশ্ৰম কৰিব ৷

মীন : দৈনন্দিন কৰ্মত উন্নতিৰ যোগ ৷ কিবা বিষয়লৈ ঘনিষ্ঠ বন্ধুৰ লগত বিবাদ হ’ব পাৰে ৷ সমাজত প্ৰতিষ্ঠিত হোৱাৰ যোগ আছে ৷ অৰ্থনৈতিৰ দিশত শুভ ফল আশা কৰিব পাৰে ৷ বাধাবিঘিনিৰ মাজেৰে গুৰুত্বপূৰ্ণ কামত সাফল্য আহিব ৷ বিদ্যাৰ্থীৰ শুভ ৷ দাম্পত্য শান্তি বজাই ৰাখিব ৷

Exit mobile version