Odisha Minister Shot : উৰিষ্যাৰ স্বাস্থ্যমন্ত্ৰীলৈ গুলিচালনা , বুকুত গুলী

1674979445 minister

Odisha Minister Shot :

উৰিষ্যাৰ স্বাস্থ্যমন্ত্ৰীক লক্ষ্য কৰি গুলীচালনা । গুৰুত্বৰভাৱে আহত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে নৱ কিশোৰ দাসক ।

দেওবাৰে পুৱা উৰিষ্যাৰ ঝাৰচুগুড়া জিলাৰ ব্ৰজৰাজনগৰৰ গান্ধী চকৰ সমীপত দুৰ্বৃত্তৰ এটা দলে নৱ কিশোৰত গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে । মন্ত্ৰীজনৰ বুকুত গুলী লাগে।

তথ্য অনুসৰি নৱ কিশোৰ দাস দেওবাৰে পুৱা এটা কাৰ্যসূচীত যোগদান কৰিবলৈ উলাইছিল । প্ৰত্যক্ষদৰ্শীয়ে জনাইছে, গাড়ীৰ পৰা নামি অহাৰ সময়ত তেওঁক লক্ষ্য কৰি কেবাজনো লোকে তেওঁৰ ওপৰত গুলীচালনা কৰে। অভিযুক্তৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

Exit mobile version