Hindenburg Research : পূৰ্বেও একাধিক কোম্পানিক দেউলীয়া কৰিছিল হিণ্ডেনবাৰ্গে

nathan anderson and gautam adani 97347325

Hindenburg Research :

আমেৰিকাৰ বিনিয়োগ সংক্রান্ত গৱেষণা প্রতিষ্ঠান হিণ্ডেনবাৰ্গৰ বিতর্কিত প্রতিবেদনৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে ভাৰতৰ আদানী গোষ্ঠীয়ে।

হিণ্ডেনবার্গে অভিযোগ কৰি কৈছিল যে আদানী গোষ্ঠীয়ে নিজৰ কোম্পানীৰ ভেল্যুয়েচন আৰু শ্বেয়াৰৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত আৰ্থিক জালিয়াতিৰ আশ্ৰয় লৈছিল। হিণ্ডেনবাৰ্গৰ এই অভিযোগ অস্বীকাৰ কৰি আদানী গোষ্ঠীয়ে ৪১৩ পৃষ্ঠাৰ এখন প্রতিবেদন প্ৰকাশ কৰিলে।

আদানী গোষ্ঠীয়ে এই প্রতিবেদনত দাবী কৰা অনুসৰি, পৰিকল্পিতভাৱে ভাৰতীয় কোম্পানীক বদনামী আৰু ক্ষতিগ্রস্ত কৰিবলৈ এই প্রতিবেদন প্ৰকাশ কৰিলে হিণ্ডেনবার্গে।

হিণ্ডেনবার্গে যিসমূহ প্রশ্ন উত্থাপন কৰিছে, সৰহ সংখ্যকৰে উত্তৰ পূৰ্বে আদানী গোষ্ঠীয়ে প্ৰকাশ কৰা বিভিন্ন প্রতিবেদনত উল্লেখ আছে বুলিও আদানী গোষ্ঠীয়ে দাবী কৰিলে।

আদানী গোষ্ঠীৰ এই স্পষ্টীকৰণৰ পাছত হিণ্ডেনবার্গে সোমবাৰে কয় যে আদানী গোষ্ঠীয়ে দেশভক্তিৰ অচিলাৰে প্ৰকৃততে নিজৰ জালিয়াতিক লুকুৱাবলৈ অপচেষ্টা চলাইছে।

ভাৰতক আদানী গোষ্ঠীয়ে পিছুৱাই ৰখা বুলিও পুনৰ দাবী কৰিলে হিণ্ডেনবার্গে। উল্লেখ যে হিণ্ডেনবার্গে আদানী গোষ্ঠীৰ বিৰুদ্ধে বিত্তীয় জালিয়াতিৰ অভিযোগ অনাৰ পাছতে আদানী গোষ্ঠীৰ একাধিক কোম্পানীৰ শ্বেয়াৰ মূল্য অৱনমিত হৈছিল।

ফলত বিত্তীয় দিশত যথেষ্ট ক্ষতিৰ সন্মুখীন হ’ল গৌতম আদানীৰ মালিকানাধীন গোষ্ঠীটো।

Exit mobile version