Jio : এমাহত জিঅ’-এয়াৰটেলৰ ২৫ লাখ গ্ৰাহক বৃদ্ধি, ভ’ডাফোনৰ ১৮ লাখৰ ক্ষতি

airtel vs reliance jio vs vodafone 1

Jio :

২০২২ৰ নৱেম্বৰ ৰিলায়েন্স জিঅ’ আৰু এয়াৰটেলৰ বাবে যথেষ্ট লাভজনক আছিল। টেলিকম নিয়ন্ত্রক প্রতিষ্ঠান ট্ৰাইৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, নৱেম্বৰ ২০২২ত জিঅ’ আৰু এয়াৰটেলে নতুনকৈ ২৫ লাখ গ্রাহক লাভ কৰিলে।

ADVERTISEMENT

আনহাতে, একেটা মাহতে যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছিল ভ’ডাফোন-আইডিয়া। উক্ত মাহত ভ’ডাফোন-আইডিয়াৰ ১৮.৩ লাখ গ্রাহক হ্রাস পালে।

জিঅ’ই যোৱা নৱেম্বৰত ১৪.২৬ লাখ আৰু এয়াৰটেলে ১০.৫৬ লাখ গ্রাহক নতুনকৈ লাভ কৰিলে। বর্তমানে জিঅ’ৰ ৪২.১৩ কোটি আৰু এয়াৰটেলৰ ৩৬.৬০ কোটি গ্রাহক আছে।

Exit mobile version