Foundation Day Of Three-Day Agradoot: তিনিদিনীয়া ‘অগ্ৰদূতে’ আজি গৰকিলে ৫২টা বৰ্ষ

WhatsApp Image 2023 02 01 at 8.45.27 PM

53ed Foundation Day Of Bi Weekly- Agradoot:

ৰাজ্যৰ সাংবাদপত্ৰৰ ইতিহাসৰ অন্যতম ধ্বজবাহী বাতৰি কাকত তিনিদিনীয়া ‘অগ্ৰদূতে’ আজি গৰকিলে ৫২টা বৰ্ষ ৷ অসমৰ সংবাদ জগতৰ মহীৰূহ কনক সেন ডেকাৰ মুখ্য সম্পাদনাত প্ৰাণ পাই উঠা কাকত খনৰ ৫৩ সংখ্যক প্ৰতিষ্ঠা দিনটোত আজি মহানগৰীৰ গনেশগুৰিৰ জটিয়াস্থিত অগ্ৰদূত ভৱনত অনুষ্ঠুপিয়াকৈ আয়োজন কৰা হয় এক অনুষ্ঠানৰ ৷

দৈনিক অগ্ৰদূতৰ সম্পাদক প্ৰাঞ্জলসেন ডেকা, অগ্ৰদূত কাকত গোষ্ঠীৰ সাংবাদিক আৰু সংবাদকৰ্মীৰ উপস্থিতিত শ্ৰীময়ীৰ সম্পাদক মনোজ ভট্টাচাৰ্যই এই উপলক্ষে এটা কেক কাটি অগ্ৰদূত পৰিয়ালৰ সদস্য আৰু উপস্থিত অতিথিলৈ শুভেচ্ছা জ্ঞাপন কৰে।

কাকতৰ জন্মলগ্ন আৰু কাকত খনৰ বৰ্নিলযাত্ৰাৰ সন্দৰ্ভত সাৰুৱা বক্তব্য প্ৰদান কৰে মনোজ ভট্টাচাৰ্য আৰু অগ্ৰদূতৰ জ্যেষ্ঠ সাংবাদিক ফণীধৰ পাঠকে। অনুষ্ঠানৰ আঁত ধৰে দৈনিক অগ্ৰদূতৰ বাৰ্তা সম্পাদক চেমিম চুলতানা আহমেদে ৷

আনহাতে এই অনুষ্ঠানত অংশ লয় ‘নিউজ চেভেন অসম নৰ্থ-ইষ্ট’ৰ মুখ্য সম্পাদক কেশৱ বৰুৱা আৰু প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী তথা সাংবাদিক কল্লোল শইকীয়াই ৷

কেশৱ বৰুৱাই তেওঁৰ ভাষণত কয়, সাম্প্ৰতিক সময়ত অগ্ৰদূতে ৰাজ্যৰ সংবাদ জগতত এক বটবৃক্ষ হিচাপে সদায় সকলোকে ছাঁ দি যাব ৷ কাকত খন শতায়ু হোৱাৰ কামনা কৰে বৰুৱাই ৷

Exit mobile version