Horoscope:ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM

Horoscope:ৰাশিফল

মেঘ: মনত উৎসাহ পাব ৷ যোগাযোগত মন কৰিলে অনুকূলতা দেখা যায় ৷ বন্ধু- বান্ধৱৰ পৰা কোনো সূত্ৰৰ সম্ভেদ পাব পাৰে ৷ দৃঢ়তাৰে ব্যক্তিগত কামত আগুৱাব পাৰিব ৷ দাম্পত্যত শুভ ৷ শুভ ৰং বগা,শুভ সংখ্যা ৮ ৷

বৃষ: মনটো গধুৰ গধুৰ লাগিব ৷ চৰকাৰী কৰ্মচাৰীসকলৰ দুই-এটা কষ্টদায়ক কাৰণ হ’ব পাৰে ৷ খৰচ পাতিকে ধৰি ঘৰুৱাতো  সক্ৰিয় ভূমিকা লোৱা দৰকাৰ হ’ব ৷ শুভ ৰং ৰঙা,শুভ সংখ্যা ৩ ৷

মিথুন : পূৰ্বদিনৰ তুলনাত আজি উন্নত ৷ ঘৰুৱাটো বিশেষ বেয়া নহ’ব ৷ নিজ কৰ্ম চিন্তাৰ উন্নতি যোগাযোগত উৎসাহ পাব ৷ দূৰ যাত্ৰাটো সুফল দেখিব ৷ দাম্পত্যত উদ্বেগ কিছু থাকিব ৷ শুভ ৰং নীলা ,শুভ সংখ্যা ৩ ৷

কৰ্কট: শাৰিৰীক দিশত নজৰ দিব লাগিব ৷ দুই- এটা সমস্যাৰ মাজত কৰিব পাৰে ৷ বন্ধু- বান্ধৱৰ লগত মন খুলি আলাপ কৰাটো কঠিন হ’ব ৷ আাৰ্থিকত মধ্যম ৷ দাম্পত্যত মজলীয়া ৷ বগা ৰং শুভ,শুভ সংখ্যা ৪ ৷

সিংহ: কৰ্মস্থানত কোনোৰ উদাসীন ৷ জিৰণিৰ সূযোগ পালে আজৰি লোৱাৰ দৰকাৰ ৷ বাকী পৰিৱেশ প্ৰ- পত্ৰ অনুকূল ৷ দাম্পত্যতো বেয়া নাযাব ৷ সন্তানৰ চিন্তা ৷ নিজৰ ভৱিষ্যৎ লৈ সাময়িক উৎকণ্ঠা ৷ শৰীৰ মধ্যম ৷ শুভ ৰং ৰঙা,শুভ সংখ্যা ১ ৷

কন্যা : আজি দিনটোত ঘৰুৱা কথাত মন ভালেই থাকিব ৷ ব্যস্ততাৰ মূুল কিছু পৰিমাণে লাভ কৰিব ৷ গুৰুত্বপূৰ্ণ কামত এলাহ নকৰাই ভাল ৷ বিদ্যাত মজলীয়া ফল ৷ খৰচ বৃদ্ধি ৷ শুভ ৰং সেউজীয়া,শুভ সংখ্যা ৫ ৷

তুলা : কামত উৎসাহ পাব ৷ ঘৰুৱা দিশটো সহানুভূতি থাকিব ৷ কিন্ত দাম্পত্যত কিছু সমস্যা থাকিলেও দুচিন্তা নাই ৷ নিজে সক্ৰিয় ভূমিকা ল’লে অসম্পূৰ্ণ বিষয়ত অগ্ৰগতি ল’ব ৷ শুভ ৰং বগা ,শুভ সংখ্যা ৬ ৷

বৃশ্চিক : অলপ সৰ্তক হৈ চলক নতুন কাম-কাজৰ আৰম্ভণি আদিত আহুকাল থাকিব ৷ বন্ধু- বান্ধৱৰ পৰা ভাল সহানুভূতি নাপাব ৷ শৰীৰৰ দুৰ্বলতা থাকিব ৷ বিদ্যাত মধ্যম ৷ দাম্পত্যত বিশেষ জটিলতি নাই ৷ শুভ ৰং ৰঙা,শুভ সংখ্যা ৯ ৷

ধনু : আজি কিছু ফৰকাল ৷ বিদ্যাৰ্থীৰ বাবেও বেয়া নহ’ব ৷ মুঠতে আজি পৰিৱেশ অনুকুলেই দেখা যায় ৷ তথাপি আপোন কোনো লোকৰ স’তে মানসিক দণ্ডৰ সৃষ্টি হ’লেও ক্ষতিকাৰক নহ’ব ৷ প্ৰেমত শুভ ৷ শুভ ৰং হালধীয়া,শুভ সংখ্যা ৩ ৷

মকৰ : কিছু পৰিমাণে মনটো ফৰকাল থাকিব ৷ কোনো সংযোগ তথা দক্ষতাৰ বাবে আনৰ পৰা প্ৰশংসা পাব ৷ কিছু ব্যস্ততাৰ মাজেৰে কৰা সিদ্ধান্তৰ উদ্বেগৰ সৃষ্টি যেন দেখিলে মনোবল বঢ়াওক ৷ শুভ ৰং ক’লা ৷ শুভ সংখ্যা ৮ ৷

কুম্ভ : সাৱধানেৰে কামত আগুৱাওক ৷ শৰীৰৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব ৷ অনাৱশ্যক উৎকৰ্ষ কাৰক ৷ দাম্পত্যত নিজৰ আৱেগ অনুভূতিক ৰুক্ষ কৰি নুতুলিব ৷ সন্তানৰ ভালেই ৷ পঢ়া-শুনা দৃঢ়তাৰে দৰকাৰ হ’ব ৷ শুভ ৰং নীলা,শুভ সংখ্যা ৪৷

মীন : সৃষ্টিমূলক চুক্তি আদিত অনুকূলতা থাকিব ৷ পৰিৱৰ্তনীয় মনোভাৱে ভ্ৰমণৰ উদ্যোগী দ’ব পাৰে ৷ ব্যৱসায়- বাণিজ্যিত মজলীয়া ফল ৷ পঢ়া-শুনাত বেয়া নহ’ব ৷ প্ৰেম- প্ৰীতিত ভালেই দেখা যায় ৷ শুভ ৰং ৰঙা ,শুভ সংখ্যা ১ ৷

Exit mobile version