Cm Tweet : শুক্ৰবাৰৰ পৰা ৰাজ্যজুৰি বাল্য বিবাহ কৰা স্বামীৰ বিৰুদ্ধে অভিযান

বাল্য বিবাহত লিপ্ত সকলৰ বাবে বিপদ অনিবাৰ্য !

Arrest outlookindia 570 850

Cm Tweet :

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই শুক্ৰবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ অসম চৰকাৰে আৰম্ভ কৰিব মাৰাথন অভিযান ৷ ৰাজ্যত সংগোপনে চলি থকা বাল্য বিবাহ সমাপ্ত কৰাৰ লক্ষ্যৰে বাল্য বিবাহ কৰা পুৰুষৰ বিৰুদ্ধে গোচৰ ৰজু কৰি তৎকালেই গ্ৰেপ্তাৰৰ হুংকাৰ দিয়ে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে টুইটাৰ যোগে এই কথা সদৰি কৰাৰ লগতে জিলা ভিত্তিক গোচৰৰ তথ্যও জাৰী কৰিছে৷উল্লেখ্য যে , অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যত পঞ্জীভূক্ত কৰা মুঠ গোচৰৰ সংখ্যা ৪,০০৪ টা ৷

আৰক্ষীৰ শেহতীয়া স্থিতিয়ে আগন্তুক দিনত আৰক্ষী অধিক কঠোৰ হোৱাৰ ইংগিত বহন কৰিছে ৷মুখ্যমন্ত্ৰীয়ে টুইটাৰ যোগে বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপক সম্পূৰ্ণ সহযোগিতাৰ কামনা কৰে ৷

স্মতৰ্ৱ্য যে ,মুখ্যমন্ত্ৰীয়ে টুইটাৰত উল্লেখ কৰা জিলা ভিত্তিত বাল্যবিবাহৰ গোচৰৰ তালিকাৰ শীৰ্ষত আছে ধুবু্ৰী৷জিলা খনত মুঠ পঞ্জীভূক্ত গোচৰৰ সংখ্যা ৩৭০৷আনহাতে দ্বিতীয় স্থানত থকা হোজাইৰ গোচৰৰ সংখ্যা ২৫৫ টা ৷তৃতীয়ত ২২৪ টা ৰে মৰিগাঁও৷

আনহাতে কোকৰাঝাৰ ২০৪,নলবাৰী ১৭১, নগাঁও১১৩,দক্ষিণ শালমৰাত ১৪৫টা ৷ একেদৰে কাৰ্বি আংলংত ১২৬,তামুলপুৰত ১১০টা ,গোৱালপাৰাত ১৫৭ টা ,ওদালগুৰিত ২৩৫ টা ,বজালীত ১৩২,বাক্সাত ১৫৩টা গোচৰ ৰজ কৰিছে আৰক্ষীয়ে ৷

আনহাতে ৰাজধানী চহৰ গুৱাহাটীত ১৯২ টা ,ধেমাজীত ১০১, বৰপেটাত ৮১টা, দৰংত ১২৫ আৰু বঙাইগাঁওত ১২৩ টা গোচৰ ৰজু হৈছে বাল্যবিবাহৰ বিৰুদ্ধে ৷

Exit mobile version