Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM

Horoscope :

মেষ : ব্যৱসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত। পুৱা-গধূলি ভগৱানৰ নাম ল’ব। যাত্ৰাৰ বাবে দিনটো শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ৭।

বৃষ : কর্মক্ষেত্ৰত নানা সমস্যাসূচিত হোৱাৰ সম্ভাৱনা। যাত্রা কৰোতে সতর্ক হোৱা উচিত। ক’লা ৰঙৰ বস্ত্ৰ পুৱাৰ ভাগত পৰিধান কৰিলে শুভ হ’ব। প্ৰেমত শুভ। শুভ ৰং ক’লা, শুভ সংখ্যা ১।

মিথুন : আয় অনুপাতে ব্যয় বৃদ্ধি পাব। কৰ্মত সফলতা লাভ কৰিব। পুৱাৰ ভাগত যাত্ৰা কৰিব। বিদ্যাত শুভ হ’ব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৯।

কৰ্কট : ব্যৱসায়ত লাভৱান হ’ব। প্ৰেমত ভুল বুজাবুজি হ’ব পাৰে। যাত্ৰা দুপৰীয়া ১২ বজাৰ পাছত কৰিব। বেঙুণীয়া ৰং শুভ, শুভ সংখ্যা ৫।

সিংহ : কর্মক্ষেত্ৰত শুভ ফল পাব। পাতল হালধীয়া বা ক্ৰীম ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। সন্ধিয়া ছয় বজাৰ পাছত যাত্রা নকৰিব। প্ৰেমত বাধা। শুভ ৰং হালধীয়া, শুভ সংখ্যা ২।

কন্যা : সমাজত হেয় হ’ব পাৰে। আনৰ প্ৰতি হিংসা-দ্বেষ আদিৰ পৰা বিৰত থাকিব। পৰাপক্ষত যাত্রা নকৰাই ভাল। শুভ ৰং পাতল গুলপীয়া, শুভ সংখ্যা ৭।

তুলা : অর্থপ্রাপ্তিৰ ক্ষেত্ৰত সৰু-সুৰা শৰীৰ সন্মুখীন হ’ব। যাত্ৰা কৰিব পাৰে।শুভ ৰং বগা। সন্ধিয়া শিৱৰ মন্ত্ৰ জপ কৰিব। শুভ ৰং বগা । শুভ সংখ্যা ১।

বৃশ্চিক : পঢ়া-শুনাত বেমেজালিৰ সৃষ্টি হ’ব। যাত্ৰা কৰোতে সাৱধান হ’ব। সন্তানৰ স্বাস্থ্য লৈ চিন্তিত হ’ব। কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। শুভ ৰং কমলা, শুভ সংখ্যা ৩।

ধনু : শাৰীৰিক শুভ যদিও পিত্তজনিত ৰোগত ভুগিব পাৰে। হাতত হালধীয়া ৰঙৰ সূতা মেৰিয়াই ল’ব। যাত্ৰাৰ বাবে শুভ দিন। প্ৰেমত সফলতা। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯।

মকৰ : ব্যৱসায়-বাণিজ্য মধ্য গতিত চলিব। যাত্ৰা পুৱা ১০ বজাৰ পাছত কৰিব। ক’লা ৰঙৰ বাহিৰে যিকোনো ৰং আপোনাৰ বাবে শুভ। প্ৰেমত সন্দেহ ভাৱ। শুভ ৰং ক’লা, শুভ সংখ্যা ৬।

কুম্ভ : ধনাগম বৃদ্ধি পাব। বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে দিনটো শুভ হ’ব। যাত্ৰাৰ বাবে শুভ। ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ৩।

মীন : অংশীদাৰী ব্যৱসায়ত উপকৃত হ’ব। স্বামী-স্ত্ৰীৰ মাজত মতানক্য। যান-বাহনৰ দ্বাৰা আঘাত পাব পাৰে। গতিকে চাই-চিতি যাত্ৰা কৰিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪।

Exit mobile version