PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানি লওক খৰছ কিমান ?

জানি লওক খৰছ কিমান ?

WhatsApp Image 2023 02 02 at 9.12.43 PM

PM Narendra Modi :

২০১৯ চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে। ইয়াৰ বাবে চৰকাৰৰ খৰচ হৈছে ২২.৭৬ কোটি টকা। বৃহস্পতিবাৰে ৰাজ্যসভাত এই তথ্য দিয়ে চৰকাৰে ।

চৰকাৰৰ তথ্য অনুসৰি এই সময়ছোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে আঠবাৰ বিদেশ ভ্ৰমণ কৰিছে। ভাৰতৰ ৰাষ্ট্ৰপতিৰ ভ্ৰমণত চৰকাৰে ব্যয় কৰিছে ছয় কোটি ২৪ লাখ টকা।

ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণে এই মন্তব্য কৰে।

তেওঁ লিখিছিল যে চৰকাৰে ৰাষ্ট্ৰপতিৰ বাবে ছয় কোটি ২৪ লাখ ৩১ হেজাৰ ৪২৪ টকা আৰু প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণৰ বাবে ২২ কোটি ৭৬ লাখ ৭৬ হেজাৰ ৯৩৪ টকা ব্যয় কৰিছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয় শংকৰৰ বিদেশ ভ্ৰমণৰ বাবে চৰকাৰৰ ২০ কোটি ৮৭ লাখ এক হেজাৰ ৪৭৫ টকা ব্যয় হৈছিল।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয় শংকৰে ২০১৯ ৰ পৰা ৮৬ বাৰ বিদেশ ভ্ৰমণ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে জাপান গৈছে তিনিবাৰ, দুবাৰকৈ গৈছে আমেৰিকা আৰু সংযুক্ত আৰৱ ।

এই সময়ছোৱাত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কৰা আঠখন বিদেশ ভ্ৰমণৰ ভিতৰত সাতবাৰ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল ৰামনাথ কোবিন্দ।

যোৱা বছৰ ছেপ্টেম্বৰত, বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুই ইংলেণ্ড ভ্ৰমণ কৰে।

Exit mobile version