Rhino Attack :
বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা গঁড়ে আজি পুৱা গোলাঘাট জিলাৰ অন্তৰ্গত বাতিপৰীয়া,মাজগাও,বেজগাৱকে ধৰি কেবাটাও অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰে। প্ৰাপ্ত তথ্য অনুসৰি,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গড়টো চাবলৈ বহু লোকৰ সমাগম হয়।
এক আতঙ্ক ময় পৰিবেশৰ মাজতে গঁড়টো খেদিবলৈ সকলোৱে প্ৰচেষ্টা চলায় ।ইতিমধ্যে গোলাঘাট আৰু দেৰগাঁৱৰ বন বিভাগৰ লোক সকল আহিও গড়টো খেদি পঠোৱাত ব্যৰ্থ হয়।
ইয়াৰ মাজতে নাহৰনি মাজগাঁৱত গঁড়টোৱে স্থানীয় ৰাংঢালীৰ যুৱক সন্তোষ দত্ত নামৰ যুবক জনক আক্ৰমণ কৰি আহত কৰে ।
বন বিভাগৰ লোকে ততাতৈয়াকৈ আহত যুৱক জনক চিকিৎসাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে যদিও পাছত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।
পূৰ্বতে নোহোৱা এ্নে ঘটনাৰ বাবে স্থানীয় গাওঁবাসীৰ মাজত এক হাহাকাৰ ময় পৰিবেশৰ সৃষ্টি হৈছে। বাতৰি যোগোৱাৰ সময়লৈকে গোলাঘাট আৰু দেৰগাঁৱৰ বন বিভাগৰ দলে গঁড়টো পহৰা দি ৰাখিছে আৰু নিশাৰ ভাগত গড়টো অন্য প্ৰান্তলৈ খেদি পঠিয়াবলৈ চেষ্টা কৰিব বুলি জানিবলৈ দিছে।