Saudi Arabia : এক বছৰত চৌদি আৰৱত মৃত্যু দণ্ড ১৪৭ জনৰ!

1675308216 saudi2

Saudi Arabia :

চুলতান ছলমান বিন আব্দুল আজিজ আল চাউদ আৰু ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানৰ অধীনত, চৌদি আৰৱত মৃত্যুদণ্ড “অস্বাভাৱিক হাৰত” বৃদ্ধি পাইছে।

পশ্চিম এছিয়াৰ সৰ্ববৃহৎ দেশখনে প্ৰাক্তন চুলতান আব্দুল্লা বিন আব্দুলজিজ আল ছাউদৰ অধীনত ফাঁচীৰ সংখ্যা দুগুণতকৈও অধিক বৃদ্ধি কৰিছে বুলি দুটা আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাই প্ৰকাশ কৰিছে। একে সময়তে প্রতিবেদনত দাবী কৰিছে যে মানৱ অধিকাৰ উলংঘা, নিৰ্যাতনৰ দৰে ঘটনাও বৃদ্ধি পাইছে৷

২০১৫ চনত আব্দুল্লাৰ মৃত্যুৰ পাছত, তেওঁৰ ভাই ছলমান বিন আব্দুলআজিজ চুলতান হয়। মানৱ অধিকাৰ সংগঠন ‘ ৰিপ্ৰাইভ’ আৰু দ্য ইউৰোপিয়ান চৌদি অৰ্গেনাইজেচন ফৰ হিউমেন ৰাইটছৰ এক প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি, ২০১৪ ৰ পৰা ২০১৬ চনৰ ভিতৰত চৌদি আৰৱত গড় মৃত্যুদণ্ডৰ হাৰ আছিল ৭০.৮ শতাংশ।

অৱশ্যে, ছলমান ২০১৫ চনত চৌদি আৰৱৰ চুলতান হোৱাৰ পাছত, সেই বছৰ এই হাৰ ১২৯.৫ শতাংশলৈ বৃদ্ধি হৈছে!শেহতীয়া এক পৰিসংখ্যাই দেখুৱাইছে যে প্ৰশাসনিক কামত ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানৰ সক্ৰিয়তা বৃদ্ধি হোৱাৰ পাছত চৌদি আৰৱত মৃত্যুদণ্ডৰ হাৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে।

২০২২ চনত, সেই দেশত ১৪৭ জন লোকক মৃত্যুদণ্ড দিয়া হৈছিল। ইয়াৰ ভিতৰত, কেৱল মাৰ্চ মাহত ৮১ ! তেওঁলোকৰ ভিতৰত কেবাজনো ৰাজনৈতিক অভিযুক্তও আছে।

যুৱৰাজৰ ছলমানিও সমালোচকসকলক ‘হত্যা’ কৰাৰ অভিযোগ উত্থাপন হৈছে । ৰাজকুমাৰৰ এজন কঠোৰ সমালোচক সাংবাদিক জামাল খাশোগিক ২০১৮ চনত তুৰস্কৰ ইস্তাম্বুলৰ চৌদি দূতাবাসত “হত্যা” কৰা হৈছিল। অভিযোগ অনুসৰি ছলমানৰ নিৰ্দেশত হত্যাকাণ্ড সংঘটিত হৈছে।

Exit mobile version