Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ

এটা সময়ত মিচিং যুৱ মহোৎসৱ বন্ধ কৰিছিল চৰকাৰে: পৰমানন্দ ছায়েঙ্গীয়া

WhatsApp Image 2023 02 02 at 6.59.48 PM

Tmpk Goldren jubilee Celebration :

‘এটা সময়ত মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত কৰাত বন্ধ ৰাখিছিল অসম চৰকাৰে। উচ্চ ন্যায়ালয়ৰ পৰা অনুমতি লৈ পাতিব লগা হৈছিল মহোৎসৱ। সবাত্মক ৰূপত জংগী হৈ পৰিছিল মিচিং সমাজ । সেই সময়ত যুৱ সমাজক বিপদে পৰিচালিত কৰিব বিচাৰিছিল বহু ধৰনে।

তৎস্বৰ্তেও সশস্ত্ৰ পন্থাৰ পৰা বহু আঁতৰত মিচিং যুৱ সমাজ। সশস্ত্ৰ বিদ্ৰোহ পৰিহাৰ আৰু শিক্ষা-সাংস্কৃতিক বিপ্লৱৰ দ্বাৰা লোক একত্ৰিত হৈ বিশ্ব দৰবাৰত মিচিং জনগোষ্ঠীক প্ৰতিষ্ঠা কৰাই মূল লক্ষ্য বুলি উল্লেখ মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ছায়েঙ্গীয়াই ।

উল্লেখ্য, অসমৰ ভূমিপুত্ৰ মিচিং সকলৰ শক্তিশালী সংগঠন টি এম পি কেই ৫০ বছৰত ভৰি দিয়া উপলক্ষে তেওঁলোকৰ গৌৰৱোজ্জল সোণালী জয়ন্তী আৰু অষ্টম মিচিং যুৱ মহোৎসৱ  ধেমাজি জিলাৰ গোগামুখৰ চুমনিত যৌথভাৱে আজিৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হৈছে ৷

আজিৰ পৰা ৫  ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগা সোণালী জয়ন্তী আৰু অষ্টম মিচিং যুৱ মহোৎসৱলৈ আজি দূৰ-দূৰণিৰ সকলোবোৰ শিল্পী আৰু টি এম পি কেৰ প্ৰতিনিধি সকল অনুষ্ঠানস্থলীত আহি উপস্থিত হৈছে ৷

যুৱ মহোৎৱৰ বিভিন্ন সাংস্কৃতিক আৰু পৰম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ৬০০০ শিল্পী আৰু ৬০০০ টি এম পি কেৰ প্ৰতিনিধি অনুষ্ঠান স্থলীত উপস্থিত হোৱাৰ বিপৰীতে ২০০০ টি এম পি কেৰ স্বেচ্ছাসেৱকে অনুষ্ঠান সাফল্যমণ্ডিত কৰিবলৈ দিনে-নিশাই সেৱা আগবঢ়াই আছে ৷

শিল্পী,  টি এম পি কেৰ প্ৰতিনিধি, স্বেচ্ছাসেৱক আৰু অনুষ্ঠানস্থলীৰ জন সমাগমে সমগ্ৰ গোগামুখ মুখৰিত কৰি তুলিছে ৷ অনুষ্ঠান দুটাৰ  কাৰ্যসূচী অনুযায়ী আজি প্ৰথম দিনা পুৱা ১১ বজাত মূল আদৰণি তোৰণ শুভ উদ্বোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ৷

১১-১০ বজাত দঃঞি-পঃল’ গাংগৃং উদ্বোধন কৰে দঃঞি-পঃল’ য়েলাম কেবাঙৰ সভাপতি ড° বিদ্যেশ্বৰ দলে ৷ ১১-২৫ বজাত মৃৰং ঘৰ চাংগত বা উঠা শুভাৰম্ভ কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই ৷ মৃৰং ঘৰ উদ্বোধন কৰি তেওঁ কয়- টি এম পি কে আৰু মিচিং যুৱ মহোৎসৱে এখন সুন্দৰ প্ৰগতিশীল সমাজ ব্যৱস্থা নিৰ্মাণৰ বাবে ইতিমধ্যে লক্ষ্য স্থিৰ কৰি লৈছে ৷

যি সকল টি এম পি কে আৰু যুৱ মহোৎসৱ অংশগ্ৰহণ কৰিবলগা শিল্পী সকলে এই অনুষ্ঠানৰ সমাজক নতুন বাৰ্তা দিব ৷ হত্যা-হিংসা, কু-সংস্কাৰ  বৰ্জিত পৰিৱেশ সৃষ্টি কৰিবৰ বাবে মিচিং সমাজত সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰা হৈছে ৷ এই সাংস্কৃতিত আমি কৃষি, ক্ৰীড়া,  হস্ততাঁত বয়নশিল্প, মীন পালন, পশুপালন আদিকো সামৰি লৈছোঁ ৷ আমি কৰ্মসংস্কৃতি সৃষ্টি কৰিলেহে সংস্কৃতিবান হ’ব পাৰিম বুলি তেওঁ দোহাৰে ৷

ইয়াৰ পাছতে আদী উকুম বা ঘৰ উদ্বোধন কৰে আদী-মিচিং বাঃনৗ কৗবাঙৰ সচিৱ প্ৰধান অকম য়চুঙে ৷ গাল’ উকুম উদ্বোধন কৰে গাল’-মিচিং সমন্বয়ক সমিতিৰ সভাপতি কেনয়ম দাবিয়ে ৷ মিচিং উকুম চাংগত কৰে মিচিং বানে  কেবাঙৰ সচিৱ ৰাজু মেদকে ৷ বয়নশিল্পৰ দ্বাৰ মুকলি কৰে পৰম্পৰাগত থলুৱা সুতাৰ বিশেষজ্ঞ অনুৰাধা কুলিয়ে ৷

১১-৪০ বজাত শিল্পী গাঁৱৰ দ্বাৰ মুকলি কৰে সোণালী জয়ন্তী আৰু যুৱ মহোৎসৱৰ কাৰ্যকৰী সভাপতি মোহন গগৈয়ে ৷ কৃষি মেলাৰ দ্বাৰ মুকলি কৰে ধেমাজি জিলাৰ উপায়ুক্ত আছিম কুমাৰ ভট্টাচাৰ্যই।  তানি ৰেঙাম আলোচনা সত্ৰৰ দ্বাৰ মুকলি কৰে ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঁঞাই ৷

সন্ধিয়ালৈ বন্তি প্ৰজ্বলন,  আদৰণি ভাষণ আৰু পৰম্পৰাগত সংগীত বাদনৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব ৷ উল্লেখনীয় যে গোগামুখ চুমনিৰ প্ৰায় ৪০০ বিঘা ভূমিত টি এম পি কেৰ সোণালী জয়ন্তী আৰু অষ্টম মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে ৷  অনুষ্ঠান দুটাৰ সকলোবোৰ নিৰ্মাণ কাৰ্য বাঁহ-বেতেৰে নিৰ্মাণ কৰাৰ বিপৰীতে প্লাষ্টিক বৰ্জিত পৰিৱেশ তৈয়াৰ কৰিছে ৷

আজি আৰম্ভণি দিনা টি এম পি কেৰ শৃংখলাবদ্ধৰে প্ৰতিনিধিত্ব কৰা পৰিৱেশক উচ্চ প্ৰশংসা কৰে ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই।

Exit mobile version