Dispur Businessmen Attacker Arrested: দিছপুৰৰ দেবদাৰু পথত ব্যৱসায়ীক হত্যাৰ চেষ্টা চলোৱা ঘটনাৰ

স'তে জড়িত এজনক আটক

WhatsApp Image 2023 02 06 at 1.00.18 PM

Dispur Businessmen Attacker Arrested:

মহানগৰীৰ দিছপুৰ বিধায়ক আবাসৰ সমীপৰ দেৱদাৰু পথৰ সাত নং গৃহত সংঘটিত ব্যৱসায়ী হত্যাৰ চেষ্টা চলোৱা ঘটনাৰ স’তে জড়িত থকা এজনক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে |

উল্লেখ্য যে এক ফেব্ৰুৱাৰীৰ ভৰ দুপৰীয়া দিন দুপৰতে অচিনাক্ত দুৰ্বৃত্তই হানি খুঁচি হত্যাৰ চেষ্টা চলাইছিল ব্যৱসায়ী অভিজিৎ শইকিয়াক | একেদৰে শইকীয়াৰ বৃদ্ধা মাতৃকো আক্ৰমণ কৰিছিল দুৰ্বৃত্তৰ দলে ৷

ইতিমধ্যে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা শইকীয়া সম্প্ৰতি সুস্থ হৈছে ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ মাজতে শইকীয়াৰ গাড়ী চালক নয়ন কলিতাক হেঙেৰাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে ৷

বুধবাৰে নিশা শোৱাপাটীতে অভিজিৎ শইকীয়াক হত্যাৰ চেষ্টা কৰা হৈছিল | অৱশেষত অভিযুক্তক আটক কৰিবলৈ সক্ষম হ’ল দিছপুৰ আৰক্ষী |

Exit mobile version