Guwahati Y20 Meeting : গুৱাহাটীত আয়োজিত প্ৰথম যুৱ ২০ আৰম্ভণি সভা

R01STZ7

Guwahati Y20 Meeting :

দক্ষিণ পূৰ্ব এছিয়াৰ দুৱাৰমুখ গুৱাহাটীত আৰম্ভ হ’ব ৱাই-২০ সভা ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব উষা শৰ্মাই কয় যে, ৱাই-২০ ৰ জৰিয়তে যুৱ সকলৰ ওচৰলৈ যোৱা হ’ব আৰু তেওঁলোকৰ ধাৰণাবোৰৰ বাবে তেওঁলোকৰ স’তে কৰা হ’ব এক মতবিনিময় ৷

এই উপলক্ষে আয়োজিত ‘যুৱ সংলাপ’ অংশ লোৱাৰ লগতে শ্বেতপত্ৰ মুকলি কৰিব কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে । আনহাতে অনুষ্ঠানত মুখ্য অতিথি ৰূপে ভাগ ল’ব মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাবিদসকলৰ গৱেষণা পত্ৰ উপস্থাপন কৰিব । উত্তৰ গুৱাহাটীস্থ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানত অনুষ্ঠিত হ’বলগীয়া কাৰিকৰী অধিৱেশন আৰু আলোচনা চক্ৰত ৰাজ্য কে’বাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷ উল্লেখ্য যে, জি-২০ দেশৰ ১৫০ তকৈও অধিক যুৱ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৱাই-২০ বিশেষ সভাত।

Exit mobile version