Horoscope :দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 3

Horoscope :

মেষ : কর্মক্ষেত্ৰত জটিলত থাকিব। আর্থিক উন্নতিৰ কাৰণে নতুন যোগাযোগ। ব্যৱসায়ত ব্যস্ততা বৃদ্ধি পাব। যদিও সাফল্য আহিব আর্থিক আয় উন্নতিৰ ক্ষেত্ৰত দিনটো শুভ ফল দায়ক। ব্যৱসায়-বাণিজ্যতা জটিলতা দেখা যায়।

বৃষ : বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ ইংগিত পাব। বিয়া-বাৰু বা উৎসৱ আদিত যোগদান কৰক। মাতৃৰ শৰীৰ চিন্তা। আৰ্থিকত ব্যয় বৃদ্ধি পাব। ব্যৱসায়ত মধ্যম।

মিথুন : আর্থিক দিশত ধনাত্মক হ’ব পাৰে। কর্মক্ষেত্ৰত দক্ষতা বৃদ্ধি পাব। ব্যৱসায়ত শুভ ফল পাব। বিদ্যাৰ্থীৰ কিছু বেমাজালি আহিব পাৰে।প্ৰেমত শুভ। দাম্পত্যত সাধাৰণ মতান্তৰ।

কৰ্কট : উপাৰ্জন আৰু সঞ্চয় বৃদ্ধিৰ যোগ। দেহ ভাল বুলি ক’ব পাৰি। হেৰুৱা সম্পাদ পুনঃ প্রাপ্তি। অবাদ্য সন্তান সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে। কৰ্কট ৰাশি জাতক-জাতিকাই আজি সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব। ৰাধা-কৃষ্ণক পূজা কৰিব।

সিংহ : পাৰিপাৰ্শ্বিকৰ পৰা কিছু অশান্তি বা কর্মক্ষতি আদিৰ সম্ভাৱনা আছে। নিজৰ অজান্তে কোনো প্রগতিশীল কৰ্মত ক্ষতিগ্রস্ত হ’ব পাৰে। বিদ্যাত বেয়া নহ’ব। সিংহৰাশি জাতক-জাতিকাই আজি ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰিব। ৰাধা-কৃষ্ণক পূজা কৰিব।

কন্যা :কর্মক্ষেত্ৰত নানা সমস্যাসূচিত হোৱাৰ সম্ভাৱনা। যাত্ৰা কৰোতে সতর্ক হোৱা উচিত। ক’লা ৰঙৰ বস্ত্ৰ পুৱাৰ ভাগত পৰিধান কৰিলে শুভ হ’ব। প্ৰেমত শুভ।

তুলা : কৰ্ম আৰু ইচ্ছা শক্তিৰ গতি বৃদ্ধি পাব। শত্ৰুৰ পৰাক্ৰম কমিব ভ্ৰমণৰ ফলত আনন্দ। নিৱনুৱা কৰ্মসংস্থানৰ কিছু আশা আছে। বিদ্যাত ভালেই দেখা যায়।

বৃশ্চিক : কার্যক্ষেত্ৰত আপোনাৰ প্ৰভাৱ থাকিব। ভবা মতে দুই এটা কামত আগুৱাব। বন্ধু-বান্ধৱৰ লগত সম্বন্ধ অটুট থাকিব। বিদ্যাত প্রায় অনুকূল।

ধনু: আচৰিত কথাৰ সম্ভেদ পাব। আৰ্থিকতো কিছু কষ্ট শৰীৰ সম্পর্কে উদাস নহ’ব। বিদ্যাত বেয়া বোলা নাযায়। ভ্রমণত অলপ সাৱধান থাকক। ঘৰুৱা শুভ।

মকৰ : মানসিক অস্থিৰতা দূৰ হ’ব। তথাপিও শৰীৰটো অৱশ যেন অনুভৱ হ’ব। সন্তানৰ উচ্চ শিক্ষাৰ বাতৰিয়ে মনত আনন্দ দিব। প্রাপ্তি ধন লাভৰ সম্ভৱনা ৷ যান-বাহন কিনাৰ বাবে চেষ্টা চলাব পাৰে। প্ৰেমত অতিকৈ শুভ। বিবাহৰ যোগাযোগত শুভ।

কুম্ভ : কর্মক্ষেত্ৰত সহকৰ্মীৰ পৰা মানসিক অর্থাৎ পাব পাৰে অপৰিচিত লোকৰ পৰা সতৰ্কতা অৱলম্বন কৰিব। কর্মক্ষেত্ৰত ব্যস্ততা বাঢ়িব যদিও সেই অনুপাতে যন্ত্রণা পাব। দিনটোত বৰ্জন কৰি চলাৰ চেষ্টা কৰিব।

মীন : চাকৰি ক্ষেত্ৰত উন্নতি। পাৰিবাৰীক বিষয়লৈ কাজিয়া-পেচাল হ’ব পাৰে। বন্ধুৰ কামত ব্যস্ত থকাৰ ফলত নিজৰ কামৰ ক্ষতি। শৰীৰৰ প্ৰতি লক্ষ্য ৰাখি চলিব। আর্থিকত বিশেষ শুভ নহয় যদিও একেবাৰে বেয়া নহ’ব । পিতৃ-মাতৃ লগত মতানৈক্য হ’ব পাৰে। মীনৰাশিৰ জাতক জাতিকাই আজি হালধীয়া ৰঙৰ বস্তুৰ পৰিধান কৰি ৰাধা-কৃষ্ণৰ পৰিধান কৰিব।

Exit mobile version