Tinsukia Murder : সুৰাপানেই কাল হ’ল ! পিতৃয়ে হত্যা কৰিলে নিজ পুত্ৰক

images 2

Tinsukia Murder :

সুৰাৰ বাবে এটা পৰিয়াললৈ নামি আহিল ঘোৰ অমানিশা ৷ এক লোমহৰ্ষক ঘটনাই জোকাৰি গৈছে উজনিৰ এটা অঞ্চলত৷ তিনিচুকীয়াৰ ধলা হাঁহিখাটীত সুৰাপানৰ বাবে পিতৃয়ে হত্যা কৰিলে নিজ পুত্ৰক ৷

অভিযোগ অনুসৰি হাঁহখাটীৰ পোৱালিপথাৰ গাঁৱত দৈনিক সুৰামত্ত হৈ আহি নিজ পিতৃক শাৰীৰিক ভাৱে প্ৰহাৰ কৰিছিল অনন্ত আৰান্ধৰা নামৰ যুৱকজনে ৷সহ্যৰ বান্ধ খুলি যোৱাত পিতৃ দিলীপ আৰন্ধৰাই অতিষ্ঠ হৈ প্ৰহাৰ কৰে নিজ পুত্ৰক৷ পিতৃৰ প্ৰহাৰত থিতাতে মৃত্যু হয় পুত্ৰৰ ৷

ঘটনা সংঘটিত কৰিয়ে ধলা থানাত আত্মসমৰ্পণ কৰে দিলীপ আৰান্ধৰাই ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ হাঁহচৰ অঞ্চলত ৷

Exit mobile version