Earthquake In Turkey and Syria : ভূমিকম্পত বিধ্বস্ত তুৰস্ক – ছিৰিয়া, চাৰি হেজাৰৰো অধিক লোকৰ মৃত্যু

2023 Turkey Earthquake Damage

Earthquake In Turkey and Syria :

পুনৰ কঁপি উঠিল তুৰস্কৰ মাটি । পূৰ্বৰ ভূমিকম্পৰ আতংকৰ মাৰ নৌযাওঁতেই ভূমিকম্পত পুনৰ কঁপিল তুৰস্ক। ইউৰোপীয় ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি মঙলবাৰে মধ্য তুৰস্কৰ আন এক ৫.৬ প্ৰাবল্যৰ ভূমিকম্প হয় ।

ভূমিকম্পৰ কেন্দ্ৰবিন্দু মাটিৰ পৰা প্ৰায় দুই কিলোমিটাৰ তলত আছিল। পশ্চিম এছিয়াৰ এইখন দেশত যে বন্ধ হ’ব বিচৰা নাই দুৰ্যোগ ।

চৰকাৰী হিচাপ অনুসৰি সোমবাৰৰ ভূমিকম্পত এতিয়ালৈকে চাৰি হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে।

সোমবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় চাৰি বজাত তুৰস্ক আৰু ছিৰিয়াৰ বৃহৎ অঞ্চল জোকাৰি যায়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ গতি ৭.৮। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল দক্ষিণ তুৰস্কত।

গাজিয়ানতেপ প্ৰদেশৰ পূব অংশৰ নুৰদাগি চহৰৰ পৰা ২৬ কিলোমিটাৰ পূবে। মাটিৰ তলত প্ৰায় ১৮ কিলোমিটাৰ গভীৰত । প্ৰথম ভূমিকম্পৰ ১১ৰ পৰা ১৫ মিনিট পাছত দ্বিতীয়টো কম্পনে লেবানন, ছিৰিয়া আৰু চাইপ্ৰাছৰ কিছু অংশ কঁপাই পেলায়।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (ইউএছজিএছ) অনুসৰি, ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৭ । ইয়াৰ পাছৰ পৰা একাধিকবাৰ কঁপি উঠিল তুৰস্ক আৰু ছিৰিয়া ।

বিশেষজ্ঞসকলৰ মতে এইবোৰেই হৈছে মূল ভূমিকম্পৰ ‘আফটাৰশ্বক’। ই মূলতঃ মাটিৰ তলত ইটোৱে সিটোৰ লগত সংঘৰ্ষ হোৱা প্লেটবোৰৰ পুনৰ দিশ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া।

প্ৰথমটো ভূমিকম্পৰ পাছত উৎসৰ ওচৰত নিদিষ্ট সময়ৰ ব্যৱধানত বাৰে বাৰে কঁপি থাকে বিধ্বস্ত অঞ্চলটো । সেইসমূহক ‘আফটাৰশ্বক’ বোলা হয়।

বৃহৎ বৃহৎ ভূমিকম্পৰ পাছত এই ‘আফটাৰশ্বক’ সমূহ হয়। সময়ৰ লগে লগে আফটাৰশ্বকৰ সংখ্যা কমি যায়। কিন্তু কেতিয়াবা ‘আফটাৰশ্বক’ এবছৰ পৰ্যন্ত হ’ব পাৰে।

Exit mobile version