Nepal Plane Crash : কিয় অৱতৰণৰ আগতেই মুহূৰ্ততে ভাঙি পৰিছিল নেপালৰ বিমান ?

AP23016175402305

Rescuers scour the crash site in the wreckage of a passenger plane in Pokhara, Nepal, Monday, Jan.16, 2023. Nepal began a national day of mourning Monday as rescue workers resumed the search for six missing people a day after a plane to a tourist town crashed into a gorge while attempting to land at a newly opened airport, killing at least 66 of the 72 people aboard in the country's deadliest airplane accident in three decades.(AP Photo/Yunish Gurung)

Nepal Plane Crash :

বিগত ১৫ জানুৱাৰীত ইঞ্জিন বিকল হোৱাৰ বাবেই দুৰ্ঘটনাগ্ৰস্ত হৈছিল নেপালৰ বিমানখন । তদন্তকাৰীয়ে জনোৱা মতে, তেওঁলোকে য়েটি এয়াৰলাইন্সৰ বিমানখনৰ ব্লেক বক্সটো পৰীক্ষা কৰে ।

তদন্ত সমিতিৰ মতে, এটিআৰ-৭২ বিমানখনৰ ফ্লাইট ডাটা ৰেকৰ্ডাৰ আৰু ককপিট ভইচ ৰেকৰ্ডাৰ নথিত কোৱা হৈছে যে ইঞ্জিনৰ সমস্যা আছিল।

বিগত জানুৱাৰীৰ ১৫ তাৰিখে, কাঠমাণ্ডুৰ পৰা পোখৰালৈ যোৱা ইয়েতি এয়াৰলাইনছৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়।

উৰণৰ ২০ মিনিট পাছত বিমানখনৰ দুৰ্ঘটনাটো সংঘটিত হয় । অৱতৰণৰ দহ ছেকেণ্ড আগতে বিমানখন চেতি নদীৰ পাৰত এটা খাৱৈত পৰে ।

বিমান খন পৰি যোৱাৰ কেবাটাও ভিডিঅ’ পোহৰলৈ আহিছে। সেইসমূহ তুলিছে স্থানীয় লোকে।

বিমানত থকা এজনো ব্যক্তি দুৰ্ঘটনাটোৰ পৰা বাচি ন’লগ। ৭২ জন লোকৰ মৃত্যু হৈছে। ৬৮ জন যাত্ৰীৰ ভিতৰত পাঁচজন ভাৰতীয়, চাৰিজন ৰাছিয়ান আৰু এজন আয়াৰলেণ্ডৰ।

দুৰ্ঘটনাটোৰ তদন্তৰ বাবে এখন বিশেষ সমিতি গঠন কৰা হৈছিল। তেওঁলোকক ৪৫ দিনৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।

দুৰ্ঘটনাটোৰ পাছদিনাই বিমানখনৰ ব্লেক বক্সটো উদ্ধাৰ কৰা হৈছিল। প্ৰথমতে, অনুমান কৰা হৈছিল যে দুৰ্ঘটনাটো বেয়া বতৰৰ ফলত সংঘটিত হয়।

অৱশ্যে, নেপালৰ বিমান মন্ত্ৰালয়ে পাছত জনাই যে আকাশ পৰিষ্কাৰ আছিল। যান্ত্ৰিক ত্ৰুটিৰ বাবেহে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

Exit mobile version